শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত গৰখীয়া সবাহ মহোৎসৱ আৰম্ভ...

সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি কামেশ্বৰ দাসে ধৰ্মধ্বজা উত্তোলনেৰে মহোৎসৱৰ সকলো কাৰ্যসূচীৰ শুভাৰম্ভ কৰে
 শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত গৰখীয়া সবাহ মহোৎসৱ আৰম্ভ...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ কচুবাৰীস্থিত শ্ৰীশ্ৰী গোপাল জগন্নাথ থান সত্ৰৰ ৫২৪ সংখ্যক গৰখীয়া মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে ৷ আজি পুৱা গৰখীয়া সবাহ মহোৎসৱৰ উপলক্ষে শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি কামেশ্বৰ দাসে সত্ৰ চৌহদত ধৰ্মধ্বজা উত্তোলন কৰি গৰখীয়া সবাহ মহোৎসৱৰ সকলো কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

৯ বজাত বি টি আৰৰ এম চি এল এ পবিত্ৰ কুমাৰ বড়োৱে সবাহ মহোৎসৱৰ মুখ্যদ্বাৰ উন্মোচন কৰে ৷ মন্দিৰৰ দুৱাৰ মুকলি কৰে কামৰূপ জিলা পৰিষদৰৰ অধীক্ষক তথা সমাজকৰ্মী উত্তম নাৰ্জাৰীয়ে। মন্দিৰৰ বন্তি প্ৰজলন কাৰ্যসূচী ৰূপায়ন কৰে তামুলপুৰৰ যুৱ সমাজ কৰ্মী তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বজৰং দলৰ ৰাজ্যিক সাধাৰন সম্পাদক দয়াল দাসে ৷

স্বেচ্ছাসেৱকৰ শিবিৰ মুকলি কৰে জিলা ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ মোহন বড়োৱে। সবাহ মহোৎসৱ উপলক্ষে সত্ৰৰ বাৰ্ষিক কেলেণ্ডাৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম উন্নতি সভাৰ সম্পাদক সোনেশ্বৰ কলিতাই ৷ নৱ নিৰ্মিত ছহিদ তৰ্পন বেদী উন্মোচন কৰে সমাজসেৱীকা সুমিত্ৰা নাৰ্জাৰীয়ে। বেদীত বন্তি প্ৰজ্জলন কৰে সমাজকৰ্মী জল্টি ডেকাই।

বাণিজ্য মেলা উদ্বোধন কৰে বিজেপি নেতা অম্বৰ চেত্ৰীয়ে ৷ মঞ্চৰ শুভ উদ্বোধন কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ ইপিনে তামুলপুৰৰ বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহি হাতত মাহ, প্ৰসাদৰ শৰাই লৈ শ্ৰীশ্ৰী গোপাল জগন্নাথৰ ওচৰত সেৱা লৈ চাকি, বন্তি জ্বলাই নিজৰ নিজৰ মনোবাঞ্চা পূৰণৰ বাবে সেৱা গ্ৰহণ কৰে৷

সন্ধিয়া শ্ৰীশ্ৰী গোপালৰ থাপনা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ পাছতে সমূহীয়াকৈ বন্তি প্ৰজ্জ্বলন, নিশা পূজা, ওজাপালি পৰিবেশন, আৰতি আৰু কীৰ্ত্তন পৰিবেশন কৰিব ৷ নিশা মঞ্চ আৰু নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী তথা শিক্ষক গোপাল বড়োৱে।

বুধবাৰে পুৱাৰে পৰা নাগাৰা নাম, মহাপ্ৰভুৰ পূজা, অৰ্চনা, হোম যজ্ঞ নাম কীৰ্ত্তন চলিব ৷ দিনৰ ভাগত মুকলি সভা আৰু ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সভাপতি কামেশ্বৰ দাসৰ সভাপতিত্বত আৰম্ভ হ'ব লগা মুকলি সভা মুকলি কৰিব তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ বচন ৰাভাই ৷

মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো, সাংসদ দিলিপ শইকীয়া, নৱ কুমাৰ শৰণীয়া, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী উপস্থিত থাকিব। আনহাতে উক্ত সভাতে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° উপেন ৰাভা হাকাচাম, আধুনিক ভাৰতীয় ভাষা বিভাগৰ ভাৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড° উমেশ ডেকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কামেশ্বৰ হাজৰিকা, কামৰূপ মহানগৰ জিলা পৰিষদৰ অধীক্ষক উত্তম নাৰ্জাৰী উপস্থিত থাকিব। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জনা শৰণীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব।

সন্ধিয়া শ্ৰীশ্ৰী জগন্নাথ থাপনা স্থাপনৰ পাছত পূজা, আৰতি, হোম যজ্ঞ, ঢুলীয়া পৰিবেশন, বন্তি প্ৰজলন আদি কাৰ্যসূচী ৰূপায়ন হ'ব। ইয়াৰ পিছত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ মূৰব্বী অধ্যাপক ডা° বিমল ডেকাই নিশা সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব।

২৩ মাৰ্চত সামৰণি পৰিব লগা সবাহ মহোৎসৱৰ বাকী আটাইকেইটা দিনতে ওজাপালি, আয়তীৰ নাম, নাগাৰা নাম, ঢুলীয়া পৰিবেশন, পূজা-অৰ্চনা, আৰতি প্ৰদান, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ আটাইকেইদিনৰ গৰখীয়া সবাহ মহোৎসৱত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷

 শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত গৰখীয়া সবাহ মহোৎসৱ আৰম্ভ...
'কা' ৰূপায়ণত স্থগিতাদেশ দিবলৈ সদ্যহতে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ: অসমৰ বাবে হ'ব পৃথকে শুনানি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in