অসম-অৰুণাচল সীমান্তৰ পৰা প্ৰায় ৪ কোটি টকাৰ গাঞ্জা জব্দ...

পাহাৰৰ কাষত লুকুৱাই থৈছিল ৭.৭৪ কুইণ্টল গাঞ্জা
অসম-অৰুণাচল সীমান্তৰ পৰা প্ৰায় ৪ কোটি টকাৰ গাঞ্জা জব্দ...
অসম-অৰুণাচল সীমান্তৰ পৰা প্ৰায় ৪ কোটি টকাৰ গাঞ্জা জব্দ...

ডিজিটেল সংবাদ ওৰাংঃ মাজবাটৰ অসম-অৰুণাচল সীমান্তত আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত ৭৭৪ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ আৰক্ষীৰ।

জানিব পৰা মতে এক গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী, লালপানী আৰক্ষীৰ যৌথ আভিযানত মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ কমলাবাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনি সীমান্তৰ পাহাৰৰ কাষৰ জংঘলত মজুত কৰি ৰাখিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে জব্দকৃত গাঞ্জাখিনিৰ মুঠ পৰিমাণ ৭ কুইন্টল ৭৪ কিলোগ্ৰাম। এই সন্দৰ্ভত মাজবাট আৰক্ষী থানাত ২০/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে গাঞ্জাখিনিৰ নিষিদ্ধ বজাৰত আনুমানিক মূল্য প্ৰায় ৪ কোটি টকা।

অসম-অৰুণাচল সীমান্তৰ পৰা প্ৰায় ৪ কোটি টকাৰ গাঞ্জা জব্দ...
বাক্সাৰ লাবদাংগুৰি-বাৰাপেটাত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিশাল নিৰ্বাচনী সভা সম্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in