/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8a9c74af-ce81-4258-8633-c87f43ff650e/pijush_1.jpg)
বাক্সাৰ লাবদাংগুৰি-বাৰাপেটাত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিশাল নিৰ্বাচনী সভা সম্বোধন
ডিজিটেল ডেস্কঃ ''বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিলে। ইয়াৰ বাহিৰে আন একো কাম নকৰিলে।''- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ লাবদাংগুৰিত বিজেপি, ইউ পি পি এল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ প্ৰচাৰ সভা সম্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত শান্তি ঘূৰি আহিছে, প্ৰগতি হৈছে। ইয়াত ভাতৃঘাটি সংঘৰ্ষ নাইকিয়া হৈ গৈছে। ইয়াত বোমা-বাৰুদৰ শব্দ আজি নাইকিয়া হৈ গৈছে। তেওঁ আৰু কয় যে এটা সময়ত বিটিআৰত এনেকুৱা পৰিৱেশ আছিল যে, মানুহ আবেলি ৬ বজাৰ পিছত ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল। সেই সময়ত, কংগ্ৰেছ-বিপিএফৰ শাসন কালত আনকি মানুহে ঘৰত শুই থাকিবলৈও ভয় কৰিছিল, ৰাতি আহি কোন দুৰ্বৃত্তই হত্যালীলাৰ সৃষ্টি কৰে এই কথা কোনেও নাজানিছিল। এনেকুৱা পৰিৱেশৰ পৰা বিটিআৰক মুক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a13b351e-2262-4c41-a90e-8e040d72c7e3/c88f1a89_02db_4883_b17e_f1d1bd37d42a.jpg)
বিটিআৰৰ শান্তি চুক্তিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে চকুৰ আগতে বিটিআৰত শান্তি চুক্তি হ’ল। অসমত যি উগ্ৰপন্থীৰ সমস্যা আছিল, উগ্ৰপন্থীৰ সংগঠন আছিল সকলোকে আলোচনাৰ মাজলৈকে মাতি আনি শান্তি স্থায়ী কৰা হ’ল। মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় যে আজিৰ তাৰিখত বিটিআৰত এটাও উগ্ৰপন্থী সংগঠন আলোচনাৰ বাহিৰত থকা নাই, সকলোৱে আলোচনাত বহি শান্তিৰ বাবে কাম কৰিছে। এইদৰে আগতে কোনো চৰকাৰে কাম কৰা নাছিল। কেৱল সমস্যাসমূহ জীয়াই ৰাখিব খুজিছিল, উগ্ৰপন্থী সমস্যা জীয়াই ৰাখিব খুজিছিল। মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ মতলব নাছিল। কংগ্ৰেছৰ এটাই মতলব আছিল যে আমি ৰাজনীতি কৰিব লাগে আৰু নিৰ্বাচন জিকিব লাগে, মানুহ লাগিলে ধ্বংস হৈ যাওক, মানুহক ভয় খুৱাব লাগে। বিপিএফেও একেই আছিল। কংগ্ৰেছ আৰু বিপিএফৰ সময়ত ২০০৮ ওদালগুৰিত ৰায়ত হৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। ২০১২ চনত কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল।
এতিয়া কোকৰাঝাৰৰ ক’ৰবাৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি আহে নেকি, ক’ৰবাত গুলীৰ শব্দ শুনিছে নেকি বুলি সভাত মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে আমি এনেকুৱা আমি হ’বলৈ দিয়া নাই আৰু কেতিয়াও হ’বলৈ নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়ে।
ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু বিপিএফে এটা অপপ্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে। যিসকল মানুহৰ এতিয়ালৈকে মাটিৰ পট্টা নাই, তেওঁলোকক উচ্ছেদ কৰা হ’ব বুলি তেওঁলোকে উৰা বাতৰি উলিয়াইছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7acc02ab-f6a3-442f-9edb-0e0a62eebf1e/086e7464_d1a2_4043_9584_35593afa3964.jpg)
মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় কৰে যে বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ চৰকাৰে মিছন বসুমতী আঁচনিৰ যোগেদি এতিয়ালৈকে ১ লাখ ১৫ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। যিসকলে পট্টা পোৱা নাই তেওঁলোককো পৰ্যায়ক্ৰমে মাটিৰ পট্টা দিয়াৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, হাগ্ৰামা মহিলাৰীৰ বিপিএফ ১৭ শাসনত আছিল আৰু ১৭ বছৰত তেওঁলোকে মাত্ৰ ১৫ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিছিল বুলি মন্ত্ৰীগৰাকীয়ে কয়।
উচ্ছেদ কৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমীয়া খিলঞ্জীয়া মানুহক, ভাৰতীয় মানুহক কাৰো উচ্ছেদ কৰাৰ সাহস নাই। তেওঁ কয় যে আপোনালোক নিশ্চিন্ত থাকক আপোনালোক আমাৰ সহোদৰ, বুকুৰ আপোন, আপোনালোকক আমি কেতিয়ও বিপদত পৰিবলৈ নিদিওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c3be825a-42b6-4751-97cf-fa6e13639b3f/ed90fb54_c54a_49c8_9daa_b2744e608e40.jpg)
আনহাতে, তেওঁ কয় যে বিটিআৰৰ যেতিয়া চুক্তি হৈছিল, সেই চুক্তি মতে অসম চৰকাৰৰ বিভাগসমূহে বিটিআৰত টকা দিব নোৱাৰে, কিয়নো বিটিআৰলৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা ডাইৰেক্ট টকা আহে। তৎসত্ত্বেও যোৱা তিনি বছৰত মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ বানপানী নিয়ন্ত্ৰণ, মথাউৰি মেৰামতিৰ বাবে জলসম্পদ বিভাগৰ অধীনত নিয়মৰ বাহিৰত গৈ ৪৫০ কোটি টকা মোকলাই দিয়াৰ কথা উল্লেখ কৰে।
তেওঁ কয় যে মই মন্ত্ৰী হৈ নিয়ম ভাঙিছো। যদি বিটিআৰক সহায় কৰিব পাৰো, এনেকুৱা নিয়ম মই বাৰে বাৰে ভাঙিম বুলি তেওঁ দৃঢ়তাৰে কয়। তেওঁ আৰু কয় যে এইখন বিটিআৰত এতিয়া দুখনকৈ মেডিকেল কলেজ হ’ল। কংগ্ৰেছে ৬০ বছৰ চৰকাৰ চলাই অসমত মেডিকেল কলেজ নিৰ্মাণ কৰিছিল মাত্ৰ ৬ খন। কংগ্ৰেছৰ দিনত পৰ্যাপ্ত চিকিৎসক, হাস্পতালৰ সুবিধা নথকাৰ বাবে সেইখিনি সময়ত চিকিৎসা নাপাই বহু নীৰিহ মানুহ মৰিব লগা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8f707010-c4df-4607-aab5-2f9e70de279e/7f673458_de7f_4b8c_94e8_5f59999dbbe2.jpg)
সেয়ে তেওঁ কংগ্ৰেছক নীৰিহ মানুহৰ হত্যাকাৰী বুলি কোৱাৰ লগতে বিপিএফে যিহেতু সেই সময়ত কংগ্ৰেছৰ সৈতে একেলগে ১৫ বছৰ শাসনত আছিল, তেওঁলোকেও ইয়াৰ ভাগ ল’ব লাগিব বুলি কয়। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনালে।
তেওঁ কয় যে মেডিকেল কলেজ নহ’লে আমি চিকিৎসক সৃষ্টি কৰিব নোৱাৰো। চিকিৎসক নহ’লে আমাৰ স্বাস্থ্য বেয়া হয়। এই চিকিৎসক সৃষ্টি কৰাৰ বাবে কংগ্ৰেছে কোনো ব্যৱস্থা নল’লে। যাৰ ফলত আজিৰ পৰা ৩ বছৰ আগলৈকে অসমত মাত্ৰ ৭২৬ গৰাকী চিকিৎসক বছৰত ওলাইছিল। কিন্তু আজিৰ তাৰিখত বছৰত ১৩৫০ গৰাকী চিকিৎসক ওলায় আৰু গোটেইকেইখন মেডিকেল কলেজ সম্পূৰ্ণ হ’লে অহা ৫ বছৰত অসম ২৫০০ চিকিৎসক বছৰত লাভ কৰিব আৰু গাঁৱে গাঁৱে চিকিৎসক আহিব বুলি তেওঁ ভাষণত প্ৰকাশ কৰে। এয়া সম্ভৱ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে বুলি তেওঁ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/11dbf34d-ef95-4572-8abb-cf04fdfbc4da/97c57b11_0285_40dd_a94c_a034dd823cdb.jpg)
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সভাত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে ব্যাখা দাঙি ধৰাৰ লগতে অৰুণোদয় আঁচনি, ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ, নিবনুৱাক চাকৰি দিয়া আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।
সভাত মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, ইউ পি পি এল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক টেক্টৰৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ বাৰাপেটাত আন এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। দুয়োখন সভাতে বিধায়ক মানৱ ডেকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।