বিটিআৰ চুক্তিৰ চাৰি বছৰ সম্পূৰ্ণঃ UPPL ৰ শান্তি সমদল...

বিটিআৰ চুক্তিৰ চাৰি বছৰ সম্পূৰ্ণঃ UPPL ৰ শান্তি সমদল...
বিটিআৰ চুক্তিৰ চাৰি বছৰ সম্পূৰ্ণঃ UPPL ৰ শান্তি সমদল...

ডিজিটেল সংবাদ বাক্সাঃ ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, এন ডি এফ বিৰ চাৰিটা গোট আৰু এবছুৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰিছিল বিটিআৰ চুক্তি। এই ঐতিহাসিক চুক্তিখনৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আজি বাক্সা জিলাৰ বাগানপাৰাত বাগানপাৰা ব্লক ইউপিপিএলে এক শান্তি সমদল বাহিৰ কৰে।

বাগানপাৰা ইউপিপিএল কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটোত সহস্ৰাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে। উক্ত শান্তি সমদল মুকলি কৰে বাক্সা জিলা ইউপিপিএলৰ সম্পাদক দয়াল শৰনীয়াই । অংশ লয় বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱেও ।

বাগানপাৰাৰ মাজেৰে প্ৰায় তিনি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত বাগানপাৰা ভিচিডিচি কাৰ্যালয়ত উপস্থিত হয় সমদলটো। বিটিআৰ চুক্তিৰ পিচত বিটিআৰৰ বৰ্তমানৰ পাঁচখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰত যোৱা চাৰিটা বছৰত শান্তি হৈছে বুলি উল্লেখ কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু দয়াল শৰণীয়াই ।

বিটিআৰ চুক্তিৰ চাৰি বছৰ সম্পূৰ্ণঃ UPPL ৰ শান্তি সমদল...
আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in