কোকৰাঝাৰত "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন...

কোকৰাঝাৰত "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন...
কোকৰাঝাৰত "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নিলগৰ ডিমলগাঁৱত আজি কোচ ৰাজবংশী সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন কৰা হয় ৷ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ আবণ্টিত পুঁজিৰে নিৰ্মাণ হ'বলগীয়া চিলাৰায় ভৱনৰ আধাৰশীলা আজি মাংগলিক কাৰ্য আৰু ভূমি পূজনৰে স্থাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

কোচ ৰাজবংশী সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ'ব । আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত ভৱেশ কলিতাই আগন্তক লোকসভা নিৰ্বাচনত ১২ খন আসন বিজেপি মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰি বি পি এফে নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ চলালেও শেষত গৈ বিজেপি মিত্ৰজোঁটকে ভোট দিব বুলি মন্তব্য কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টিও মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰি বি টি আৰত কিমানটা লোকসভা সমষ্টি হ'ব সেয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতহে গম পোৱা যাব বুলি মন্তব্য কৰিছে । সাংবাদিকৰ এক প্ৰশ্নত বিজেপিত কোনো বিসম্বাদ, বিদ্ৰোহ নাই বুলি স্পষ্ট কৰি দিয়ে ভৱেশ কলিতাই ।

ইপিনে বহুচৰ্চিত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চি আই ডিৰ প্ৰতিবেদন লৈ অপেক্ষা কৰা ভাল হ'ব বুলি মন্তব্য কৰিছে ভৱেশ কলিতাই । আজি ডিমলগাঁৱত অনুষ্ঠিত হোৱা কোচ ৰাজবংশী সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত কোচৰাজবংশী কল্যাণ পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ন দেৱ, বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, কোচ ৰাজবংশীৰ বিভিন্ন দল- সংগঠন আৰু বিজেপিৰ জিলা নেতৃবৰ্গও উপস্থিত আছিল ।

কোকৰাঝাৰত "চিলাৰায় ভৱন"ৰ আধাৰশিলা স্থাপন...
কোকৰাঝাৰত বড়ো ভাষা মাধ্যম দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in