কোকৰাঝাৰত বড়ো ভাষা মাধ্যম দিৱস পালন...

কোকৰাঝাৰত বড়ো ভাষা মাধ্যম দিৱস পালন...
কোকৰাঝাৰত বড়ো ভাষা মাধ্যম দিৱস পালন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ১৯৬৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৯৬৩ চনৰ ১৮ মে'ত বড়ো ভাষা প্ৰাথমিক বিদ্যালয়ত মাধ্যম হিচাপে স্বীকৃতি পাইছিল । প্ৰতিবছৰে ১৮ মে'ৰ দিনটো বড়ো মাধ্যম দিৱস হিচাপে বড়ো সাহিত্য সভা আৰু এবছুৱে পালন কৰি আহিছে ।

এই উপলক্ষে আজি কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভা আৰু এবছুৰ যৌথ উদ্যোগত নায়েকগাঁৱত "বড়ো মাধ্যম দিৱস" উদযাপন কৰা হয় ৷ নায়েকগাঁৱৰ বড়ো সাহিত্য সভাৰ প্ৰাইমাৰী কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বড়ো মাধ্যম দিৱস পালন কৰা হয়।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিজেল কুমাৰ বসুমতাৰীয়ে৷ ইয়াৰ পিছতে গছপুলি ৰোপন ,সজাগতা ৰেলী আৰু দূপৰীয়া "বড়ো মাধ্যম আৰু ইয়াৰ তাৎপৰ্য" শীৰ্ষ বিষয়কলৈ এক মুকলি সভা অনুষ্ঠিত হয়।

মুকলি সভাত মুখ্য অতিথি হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি আজিৰ দিনটোক মহত্বপূৰ্ণ দিন বুলি অভিহিত কৰি বড়ো ভাষা- সাহিত্যৰ হ'কে আপোচবিহীন সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য কৰে ।

আজিৰ অনুষ্ঠানত কোকৰাঝাৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° আদাৰাম বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰী, কোকৰাঝাৰ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কমলেশ্বৰ ব্ৰহ্ম উপৰিও বড়ো সাহিত্য সভা আৰু এবছুৰ নেতা-কৰ্মীসকল উপস্থিত আছিল ৷

কোকৰাঝাৰত বড়ো ভাষা মাধ্যম দিৱস পালন...
নীতি আয়োগৰ জৰীপঃ কেন্দ্ৰৰ ৬৬ টা মন্ত্ৰণালয়ৰ ভিতৰত সোণৱালৰ মন্ত্ৰণালয়ে পালে দ্বিতীয় স্থান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in