কাজলগাঁৱত ইউপিপিএলত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

বিপিএফ দলত ব্যাপক খহনীয়া সৃষ্টি কৰি ভালেসংখ্যকে যোগ দিলে ইউপিপিএলত
কাজলগাঁৱত ইউপিপিএলত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ডিজিটেল সংবাদ,চিৰাং : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হাগ্ৰামা মহিলাৰী নেতৃত্বতাধীন বিপিএফ দলত খহনীয়া সৃষ্টি কৰি শুকুৰবাৰে কাজলগাঁৱত আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই। কাজলগাঁৱৰ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়ামৰ পৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ ৰাষ্ট্ৰীয় ঘাইপথেদি বিশাল সমদল কৰে।

এই সমদল লৈ কাজলগাঁৱৰ সাপ্তাহিক বজাৰ সভাগৃহত আয়োজিত যোগদান সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰৌণগৌৰা নাৰ্জাৰীসহ দলৰ কেইবাজনো শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। চন্দন ব্ৰহ্মক আৰ'নাই আৰু গামোচাৰে ইউপিপিএল দললৈ আদৰণি জনাই দলৰ সভাপতি প্ৰমোদ বড়োই ।

আজি ইউপিপিএল দলত যোগদান কৰিয়ে বিপিএফ দলক তীব্ৰ সমালোচনা কৰে চন্দন ব্ৰহ্মই। আজিৰ পৰা বিপিএফ দলৰ হিমগ্লবিনৰ পৰিমাণ পাঁচকৈ কম হৈ গ'ল বুলি তেঁও কটাক্ষ কৰে ।

মানুহ এজন জীয়াই থাকিবলৈ তেজত যিমান পৰিমাণৰ হিমগ্লবিনৰ প্ৰয়োজন হয় ঠিক সেইদৰে বিপিএফ দল হিচাপে জীয়াই থাকিবলৈ সিমান হিমগ্লবিন এতিয়া আৰু নাই । তাৰ বিপৰীতে চন্দন ব্ৰহ্মই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সফল নেতৃত্বক মুকলিকৈ প্ৰশংসা কৰি বিটিআৰ এলেকাত প্ৰমোদ বড়োৰ সবল নেতৃত্বত যি শান্তিৰ পৰিৱেশ লগতে উন্নয়নৰ ধাৰা আৰম্ভ হৈছে সেই শান্তি আৰু উন্নয়নমূলক কামকাজৰ ধাৰাবাহিকতা বজায় ৰাখিব লাগিব মন্তব্য বুলি মন্তব্য কৰে ।

তেওঁ যিহেতু সময়ৰ আহ্বানক সহাঁৰি জনাই ইউপিপিএল দলত যোগদান কৰিছে সেয়ে আগন্তুক সময়ত তেওঁক দলে যি ধৰণৰ দায়িত্ব অৰ্পণ কৰে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি কাম কৰি যোৱাৰ অঙ্গীকাৰ কৰে। আজি চন্দন ব্ৰহ্মৰ লগত আমছু, এবিএমছু,বনছুৰ শীৰ্ষ নেতা আৰু অন্যান্য ছাত্ৰ সংগঠনৰ নেতাসহ প্ৰায় কেইবা সহস্ৰাধিক লোকে ইউপিপিএল দলত যোগদান কৰে।

উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত চিডলী বিধানসভা সমষ্টিত শোচনীয় পৰাজয়ৰ পাছৰ পৰা ৰাজনীতিৰ পৰা আঁতৰত আছিল প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই। চিৰাং জিলা সদৰ কাজলগাঁৱত চন্দন ব্ৰহ্মৰ সৈতে আমছুৰ মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুচাইন পাৰমনিক, এবিএমছু চিৰাং জিলাৰ উপ-সভাপতি কায়েম আলী, বনছুৰ উপ-সভাপতি অশোক ব্ৰহ্ম আদি কৰি বহুকেইজন নেতা দল সংগঠনৰ পৰা অব্যাহতি লৈ ইউপিপিএল দলত আজি চন্দন ব্ৰহ্মৰ সৈতে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে।

অনুষ্ঠান বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, উপমুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী, সাংসদ ৰৌনগৌৰা নাৰ্জাৰী, কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল তথা এনডিএ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইশ্লাৰী, বিটিচিৰ কেইবাজনো কাৰ্য্যবাহী সদস্য, পাৰিষদসকলৰ উপৰি ইউপিপিএল দলৰ অন্যান্য শীৰ্ষ নেতৃবৰ্গ উপস্থিত থাকে।

কাজলগাঁৱত ইউপিপিএলত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ
বালিজুৰিৰ হাটিপট্টি গেটত কন্টেইনাৰসহ সৰবৰাহকাৰী আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in