/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6f0f07c0-4594-4e77-8efe-7fb22e3b8847/bhss.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিহু কমিটীসমূহলৈ ভাল খবৰ। অহা দুই-এদিনৰ ভিতৰতে ৰাজ্যৰ প্ৰায় ২৩০৬খন বিহু কমিটীয়ে লাভ কৰিব চৰকাৰী আৰ্থিক অনুদান। উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ বাবে চৰকাৰে প্ৰদান কৰিব পৰা নাছিল আৰ্থিক অনুদান।
বিহু সমিটিসমূহক সাহায্য প্ৰদানৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল অসম চৰকাৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ চনৰ পৰায়েই ৰাজ্য চৰকাৰে ১০ বছৰতকৈ অধিক পুৰণি বিহু সমিতিসমূহক প্ৰদান কৰিছে আহিছে ডেৰ লাখ টকাৰ অনুদান। ইয়াৰ বাবে এই বৰ্ষত ৩৫কোটি টকা মুকলাই দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।