চিৰাঙত বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ-আৰক্ষীৰ উচ্ছেদ অভিযান

চিৰাঙত বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ-আৰক্ষীৰ উচ্ছেদ অভিযান

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা ৰেঞ্জৰ অধীনস্থ চিৰাং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ, অসম আৰক্ষী আৰু এচ এচ বিয়ে যৌথ উচ্ছেদ অভিযান চলায়। শনিবাৰে চলোৱা এই উচ্ছেদ অভিযান সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কেতবোৰ মন্তব্য কৰে।

তেওঁ কয় যে, যোৱা এমাহ আগত লাওখ্ৰীগুৰী গাঁৱৰ ২৫ টা মান পৰিয়ালে নিজলা নৈৰ বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্থ হোৱাৰ আচিলা লৈ সংৰক্ষিত অঞ্চলত বসবাস কৰিছিল। চিৰাং সংৰক্ষিত বনাঞ্চলৰ লাউখ্ৰীগুৰী এলেকাৰ বৃহৎ অঞ্চল বেদখল কৰি গছ গছনি কাটি তহিলং কৰি অস্থায়ীভাৱে ঘৰ-দুৱাৰ বনাই বন্যজীৱে বসবাস কৰা বনাঞ্চলত নিষিদ্ধ ৰবৰ গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল ।

বনাঞ্চলত ৰবৰ গছৰ পুলি ৰোপণ কৰা নিষিদ্ধ। এই কথা জনা সত্বেও চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত ৰবৰ বোৰ্ডৰ কাৰ্যালয়ৰ একাংশ বিষয়ববীয়াই কেইজনমান স্থানীয় দালালৰ সহযোগত লাউখ্ৰীগুৰী গাঁৱৰ একাংশ লোকক টকাৰ লোভ দেখুৱাই ৰবৰ গছপুলি ৰোপণ কৰাৰ কামত লগাই দিছিল।

এই খবৰ লাভ কৰি আজি বনবিভাগ, অসম আৰক্ষী আৰু এচএচবিৰ এটা বৃহৎ দলে উক্ত বেদখলকৃত ঠাইত উপস্থিত হয় আৰু অস্থায়ীভাৱে তৈয়াৰ কৰা তম্বু জাতীয় ঘৰসমূহ নষ্ট কৰি দিয়ে। লগতে যিমান সোনকালে সম্ভৱ বেদখলকৃত বনভূমি এৰি যাবলৈ নিৰ্দেশ দিয়ে ।

বন বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, পূৰ্বতে গছগছনি কাটি ধ্বংস কৰা চিৰাং সংৰক্ষিত বনাঞ্চলৰ ৭৫ হেক্টৰ বনভূমিত যোৱা বছৰ ভাৰতীয় সেনাৰ সহযোগত বনবিভাগে ৬১ হেজাৰ গছপুলি নতুনকৈ ৰোপণ কৰিছিল। কিন্তু একাংশ দুষ্ট লোকৰ প্ৰৰোচনাত পৰি এইসকল লোকে উক্ত গছপুলিসমূহ কাটি তহিলং কৰি অবৈধভাৱে ৰবৰ গছপুলি ৰোপণ কৰি আছিল। যিটো ভাৰতীয় বন আইন মতে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৰবৰ খেতি কৰাটো নিষিদ্ধ।

আনহাতে বন বিভাগৰ লোকে সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে ৰবৰ গছপুলি লগাবলৈ দিয়া দুই দালাল শ্ৰেণীৰ লোকক আটক কৰিছে । আটক কৰা দালাল দুজন ক্ৰমে উদালগুৰী বনগাঁৱৰ ৰতন নাৰ্জাৰী আৰু লাউক্ৰীগুৰী বনগাঁৱৰ মাজেন বসুমতাৰী বুলি জানিবলৈ দিয়ে ৷

ইপিনে উচ্ছেদিত লোকসকল যদি প্ৰকৃতাৰ্থত যদি বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে তাৰ বাবে চৰকাৰে তেওঁলোকক থকাৰ ব্যবস্থা কৰিব। কিন্তু সেই বুলি সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে প্ৰৱেশ কৰি গছগছনি কাটি ধ্বংস কৰি বাসস্থান হিচাপে গঢ়ি তুলিব সেয়া মানি লব নোৱাৰি বিষয়াগৰাকীয়ে মন্তব্য কৰে ।

চিৰাঙত বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ-আৰক্ষীৰ উচ্ছেদ অভিযান
কামপুৰ কেন্দ্ৰীয় নামঘৰৰ মণিকূট প্ৰতিষ্ঠা অনুষ্ঠানত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in