কামপুৰ কেন্দ্ৰীয় নামঘৰৰ মণিকূট প্ৰতিষ্ঠা অনুষ্ঠানত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী

কামপুৰ কেন্দ্ৰীয় নামঘৰৰ মণিকূট প্ৰতিষ্ঠা অনুষ্ঠানত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত কেন্দ্ৰীয় নামঘৰৰ নতুনকৈ নিৰ্মাণ কৰা মনিকূট আৰু গুৰুৰ আসনৰ শনিবাৰে প্ৰতিষ্ঠা কৰা হয়। এই উপলক্ষে পুৱা ধৰ্মধজ্জা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মাধৱ চন্দ্ৰ লস্কৰে । প্ৰয়াত কামপুৰ উন্নতি সাধনী সভাৰ সদস্যসকল আৰু কামপুৰ কেন্দ্ৰীয় নামঘৰৰ লগত জড়িত থকা প্ৰয়াত ভক্তপ্ৰাণ ৰাইজৰ পৱিত্ৰ স্মৃতিত স্মৃতিচাৰণ সমাপন কৰে জ্যেষ্ঠ নাগৰিক উপেন বায়নে।

ইয়াৰ পিছতে কামপুৰ উন্নতি সাধিনী সভাৰ সভাপতি জনাৰ্দন বৰাই আঁত ধৰা অনুষ্ঠানটিত নৱ নিৰ্মিত মনিকূট ভাগৰ দ্বাৰ উন্মোচন আৰু গুৰু আসন ভাগৰ প্ৰতিষ্ঠা কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দ্দন দেৱগোস্বামীয়ে । সহস্ৰাধিক ৰাইজৰ উপস্থিতিত নামঘৰৰ প্ৰাঙ্গনত ভাগৱত পাঠ ,খোল প্ৰসঙ্গ আৰু নাম-প্ৰসঙ্গই ধৰ্ম অনুষ্ঠানটি মুখৰিত কৰি বৈকুণ্ঠপুৰীত পৰিণত কৰে।

ইফালে পুৱা ভাগত সত্ৰাধিকাৰগৰাকীক নামঘৰৰ বাটচ'ৰাত আদৰণি জনাই কেন্দ্ৰীয় নামঘৰটিৰ নামঘৰীয়া হিমাংক বৰাই। দুপৰীয়া সম্বৰ্দ্ধনা অনুষ্ঠান আৰু প্ৰসাদ বিতৰণৰ ভাগ অনুষ্ঠিত হয়।

এই অনুষ্ঠানৰ মাজতে আজি সত্ৰাধিকাৰগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰজাঘৰ, প্ৰজাঘৰ আৰু গুৰুঘৰ একাকাৰ হ'লেহে সমাজখন সঠিক পথত আগবাঢ়িব বুলি মন্তব্য কৰে। পিছত সন্ধিয়া নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে মনিকূট ভাগৰ আৰু গুৰু আসন ভাগৰ প্ৰতিষ্ঠা কাৰ্যসূচীৰ সামৰণি পৰে।

ইফালে সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ ওপৰত সাংবাদিকৰ আগত সত্ৰাধিকাৰ গৰাকীয়ে বহুখিনি গুৰুত্ত্বপূৰ্ণ মন্তুব্য দাঙি ধৰে। তেওঁ কয় যে সাম্প্ৰতিক সময়ত ৰাজনীতিবিদসকলে ধৰ্ম আৰু ৰাজনীতি একাকাৰ কৰিব বিচৰা সম্পৰ্কত সত্ৰাধিকাৰজনে মন্তুব্য কৰে ।

তেওঁ কয় যে, ৰজাঘৰো সামাজিক আৰু আধ্যাত্মিক ভাৱে সুস্থ হোৱাতো প্ৰয়োজন আছে। ৰজা ঘৰ,প্ৰজাঘৰ আৰু গুৰুঘৰ একতিত্ৰ হ'লহে সমাজ খন আগবাঢ়ি যাব। কিন্তু সংস্কাৰিত আৰু সঠিকভাৱত সমাজখন আগবঢ়াই নিবৰ বাবে সত্ৰাধিকাৰ গোস্বামীয়ে আহ্বান কৰে।

সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰে যে, মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ শেষৰ কালচোৱাত যদি ৰজা নৰনাৰায়ণক লগ নাপালে হয়, গুৰুজনাও বহু খিনি বিপদত পৰিলহেতেঁন বুলি মন্তুব্য কৰে। তেওঁ ধৰ্ম লগত ৰাজনীতি জড়িত কৰিব হ'লে বিসংগতি নকৰি শুদ্ধৰূপত কৰিবৰ বাবে আহ্বান কৰে।

নতুন প্ৰজন্মক নামঘৰ মুখী হোৱাৰ বাবে তেওঁ আহ্বান জনায়। শংকৰ -মাধৱ গুৰু দুজনাৰ যি মহান সংস্কৃতি আছিল সেই আদৰ্শৰে সকলোকে একেলগে লৈ এই আদৰ্শৰে আগবাঢ়ি যোৱাত বৰনামঘৰে এক নতুন মুৰ দিব বুলি সত্ৰাধিকাৰ গৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ নৱপ্ৰজন্মক নামঘৰ মুখি হ'বৰ বাবে আহ্বান জনায়।

কামপুৰ কেন্দ্ৰীয় নামঘৰৰ মণিকূট প্ৰতিষ্ঠা অনুষ্ঠানত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী
পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ অন্তৰংগ আলাপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in