/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1c08e053-3ff1-48c2-9dc3-ede3a22cc52d/260.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি মাইনাও ক্লাৱ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৩০ সংখ্যক বড়োলেণ্ড ছহিদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত শ্বিলং লানছিং এফ চিয়ে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c7972fd6-e9f3-454e-afeb-cbdc028c4b28/cdfd4d00_9bab_4cb6_ab30_c09d65dd98da.jpg)
দেওবাৰ অনুষ্ঠিত চূড়ান্ত খেলখনত শ্বিলং লানছিঙে কামৰূপা এফ চিক ৪-০১ গ'লৰ ব্যৱধানত পৰাভূত কৰে । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে উদ্বোধন কৰা চূড়ান্ত খেলখন পৰিচালনা কৰে বুদ্ধ বড়ো,হীৰেন বৰ্মন,দেবাশীষ মজুমদাৰ আৰু বৈশাৰ বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/835ff6de-269e-431e-951a-69269972e6f1/5449a8d3_f6a3_48e0_8fe5_8cbf9238d89b.jpg)
খেলৰ অন্তত বঁটাসমূহ বিতৰণ কৰা হয়। শ্বিলঙৰ মিলানসিং খাংছিয়াই লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা । চূড়ান্ত বিজয়ী হিচাপে শ্বিলং লানছিং এফ চিয়ে ট্রফীসহ নগদ ১ লাখ টকা লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6a911e92-56d0-4bcf-b88f-384398d732f5/6da0ea59_3ea7_4bfe_9e17_d4deb802f4f8.jpg)
ইফালে বিজিত দল হিচাপে কামৰূপা এফ চিয়ে ট্রফীসহ নগদ ৫০ হাজাৰ টকা লাভ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/31f9516f-8986-4fd5-a5b4-6d23f96410de/bd18262a_c2ed_4094_9b42_247cbc973956.jpg)
Also Read: চতাই গাঁৱত জঘন্য কাণ্ড : ৫০ ঊৰ্দ্ধ বৃদ্ধৰ কামনাৰ বলি হ'ল নাবালিকা