'বড়োলেণ্ড ছহিদ সোঁৱৰণী' ফুটবল প্ৰতিযোগিতা আৰম্ভ

'বড়োলেণ্ড ছহিদ সোঁৱৰণী' ফুটবল প্ৰতিযোগিতা আৰম্ভ

author-image
Asomiya Pratidin
New Update
'বড়োলেণ্ড ছহিদ সোঁৱৰণী' ফুটবল প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি মাইনাও ক্লাব ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৩০ তম বড়োলেণ্ড ছহিদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা।

Advertisment

শনিবাৰৰ উদ্ধোধনী খেলখনত নিৰ্ধাৰিত সময়ত অদালগুৰী কবিৰালি আদিবাসী এফচি আৰু বৰপেটা হোলী চেভেন ষ্টাৰৰ মাজত গোল শূণ্যভাৱে সমাপ্ত হোৱাত ট্ৰাইব্ৰেকাৰ পদ্ধতিত ওদালগুৰি কবিৰালি আদিবাসী এফ চিয়ে ৩-২ গ’লৰ ব্যৱধানত বৰপেটা হলি ছেভেন ষ্টাৰক পৰাস্ত কৰি ওদালগুৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

খেলখন পৰিচালনা কৰে বুদ্ধ বসুমতাৰী, হীৰেন বৰ্মন, কল্যাণ বৰুৱা আৰু বুদ্ধিশ্বৰ বড়োৱে। আবেলি ২-৩০ বজাত বড়োলেণ্ডৰ ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানটোত উদ্ধোধন কৰে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে। শান্তিৰ বাবে বগা পাৰ চৰাই উৰুৱাই বিধায়ক জলেন দৈমাৰীয়ে । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ৷

দেওবাৰৰ খেল অনুষ্ঠিত হ'ব তামুলপুৰ পি এম চি আৰু শালবাৰী ৰেবেল ইউনাইটেট এফ চি ৰ মাজত।

Also Read: আৰ্কিটেক হ'ব বিচৰা পাপন কিয় হ'ল কণ্ঠশিল্পী...

bodoland football tournament