আৰ্কিটেক হ'ব বিচৰা পাপন কিয় হ'ল কণ্ঠশিল্পী...

আৰ্কিটেক হ'ব বিচৰা পাপন কিয় হ'ল কণ্ঠশিল্পী...

ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩।  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা এই অনুষ্ঠানত উত্তৰ-পূৱৰ ৰাজনীতি, অৰ্থনীতি, সমাজ,সংস্কৃতিৰ উপৰিও জলবায়ু ,গোলকীয় উষ্ণতা আদিৰ ওপৰতো আলোচনা হ'ব।

প্ৰথম দিনটোৰ তৃতীয়টো আলোচনা চক্ৰত অতিথি হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত, অভিনেত্ৰী সীমা বিশ্বাস, ছবি পৰিচালক তথা নিৰ্দেশক জাহ্নু বৰুৱা।

অনুষ্ঠানটি আঁত ধৰা নিতুমণি শইকীয়াই কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে প্ৰশ্ন কৰে।

কেৱল ৰাজ্যতে নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ নাম উজলাবলৈ সক্ষম হোৱা পাপনে উত্তৰত কয় যে, আচলতে মই নিজেই জনা নাছিলো কি কৰিব বিচাৰিছিলো। আৰ্কিটেক হ'ব বিচাৰিছিলো। কিন্তু ভাবিলো, কিমান লাইন টানি খাকিম। মোৰ মা-দেউতাৰ নাম আছিল বহুত। মা-দেউতাৰ লগত তুলনা কৰে বাবে মই গান গাব খোজা নাছিল । ভাল হ'লে কয় ভাল ঘৰৰ ল'ৰা, বেয়া হ'লে এনেকৈ নহ'ব।ভাল হ'ব লাগিব।সেই হেঁচাত ভয় খাই দিল্লীলৈ গৈছিল। মই নিজেই পৰিচয় বনাব বিচাৰিছিলো।

স্কুলত মই এদিনো গান গোৱা নাছিলো। মোৰ হিন্দী ইমান ভাল নাছিল। কিন্তু এবাৰ গান গাওঁতে সকলোৱে ভাল পাইছিল। লাহে লাহে গান গোৱা হলো। গান ভাল পাবলৈ ধৰিলো। মই বহু সময় লৈ গানৰ পিনে আহিছিলো। গান গালেই প্ৰথমে পাত্তা নিদিছিল। কিন্তু তাকেই মই প্ৰত্যাহ্বান হিচাপে লৈ আগুৱাই গৈছিলো।

প্ৰথমে হিন্দী কওতে মোক হাঁহিছিল। কিন্তু মই এটা কথা কব বিচাৰো যে হিন্দীয়ে আমাক বান্ধি ৰাখিছে। কিন্তু হিন্দীৰ বিভিন্ন ৰূপ হ'ব পাৰে। অলপ ভুল হ'লে গ্ৰহণ কৰিব পাৰিব লাগিব। যদি মোৰ গানে মানুহৰ আত্মাক চুব পাৰে তেতিয়া মোৰ সৰু ভুলখিনিও গ্ৰহণ কৰিব।

যদি কিবা এটা কৰিবলৈ ইচ্ছা, একাগ্ৰতা থাকে সকলো বাধা পাৰ কৰিব পাৰে। মই যেন একো বাধা পোৱা নাই আজিলৈকে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিবলৈ যুৱ প্ৰজন্মক কি পৰামৰ্শ দিব বিচাৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, ছৰ্ট কাট নাই। চাব লাগে যি কৰিব ওলাইছো উন্নতি হৈছে নে নাই। নিজেই নিজৰ প্ৰতিযোগী হ'ব পাৰিলে বাকী খিনি হৈ যায়।

অসমৰ সংগীত, বোলছবি ঠিক গতিত গৈ আছে বুলি কৰা প্ৰশ্নত পাপনে কয়, মোৰ ভাল লাগিছে। নতুন ছবি, নতুন গীত দেখিছো,যাৰ অতীতৰ কামৰ লগত সম্পৰ্ক নাই। সকলো নতুন। নতুন চিন্তা আৰম্ভ হৈছে। আচলতে মোৰ মাটিৰ পৰা যদি কিবা এটা সৃষ্টি হয়, আৰু সেইটোৱে যদি আমাক আচৰিত কৰিব পাৰে তেন্তে সেয়া ভালেই হয়।

আৰ্কিটেক হ'ব বিচৰা পাপন কিয় হ'ল কণ্ঠশিল্পী...
মই খাটি নলবৰীয়া, কিন্তু ভাষা কেতিয়াও বাধা হ'ব নোৱাৰে, চৰিত্ৰৰ লগত আত্মা সংযোগ কৰিব পাৰিব লাগিব: সীমা বিশ্বাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in