বিগত ১৮ দিনে ৰূপচীতো বন্ধ ফ্লাই বিগৰ বিমান পৰিসেৱা...

বিগত ১৮ দিনে ৰূপচীতো বন্ধ ফ্লাই বিগৰ বিমান পৰিসেৱা...
বিগত ১৮ দিনে ৰূপচীতো বন্ধ ফ্লাই বিগৰ বিমান পৰিসেৱা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ ৰূপচী বিমান বন্দৰত বিগত ১৮ দিনে বিমান পৰিসেৱা বন্ধ হৈ থকাৰ ফলত বিমান যাত্ৰীৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে । ফ্লাই বিগে বিগত ১৮ দিনে বিমান চলাচলৰ পৰিসেৱা বন্ধ ৰখাৰ ফলত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা ৭ নৱেম্বৰৰ পৰা ৰূপচীৰ লগতে আন ঠাইতো "ফ্লাই বিগৰ" যাত্ৰীবাহী বিমানৰ পৰিসেৱা বন্ধ হৈ পৰিছে যদিও এইক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই। উল্লেখ্য যে, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে হোৱা এক চুক্তিমৰ্মে তথা ভাৰত চৰকাৰৰ উড়ান আঁচনিৰ অধীনত ২০২১ চনৰ ৮ মে'ৰ পৰা ৰূপচী বিমানবন্দৰত যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল "ফ্লাই বিগ" নামৰ বিমান পৰিবহন সন্থাটোৱে।

প্ৰথম অৱস্থাত ৭২ আসনৰ এ টি আৰ–চেভেন্টি টু বিমানেৰে সংস্থাটোৱে সপ্তাহত তিনিদিন পৰিসেৱা আগবঢ়াইছিল যদিও পিছলৈ গৈ যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা পূৰ্বৰ তিনি দিনৰ ঠাইত সপ্তাহত ৬ দিন ৰূপসীৰ পৰা ফ্লাই বিগে যাত্ৰীবাহী বিমান চলাচলৰ পৰিসেৱা আৰম্ভ কৰে।

ক'লকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটী আৰু গুৱাহাটীৰ পৰা ৰূপসী হৈ কলকাতালৈ পৰিসেৱা আগবঢ়োৱা ফ্লাইবিগে হঠাতে যোৱা ৭ নৱেম্বৰৰ পৰা পৰিসেৱা বন্ধ কৰাত যাত্ৰীৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। ৰূপসীৰ পৰা কলকাতা বিমানেৰে এঘণ্টা ২০ মিনিট আৰু গুৱাহাটীলৈ মাথো ২৫ মিনিটৰ যাত্ৰা বন্ধ হৈ পৰাত অঞ্চলটোৰ জনসাধাৰণ ৫ ঘণ্টা সময় নষ্ট কৰি গুৱাহাটীলৈ যাবলগীয়াত পৰিছে।

ইপিনে ফ্লাইবিগৰ পৰিসেৱা বন্ধ হৈ পৰাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অপাৰেচনেল ফেইলাৰ বা আৰ্থিক সংকটৰ বাবে ফ্লাইবিগৰ পৰিসেৱা বন্ধ হৈ পৰিছে। অসমত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰূপচীত উড়ান চেক্টৰ আৰু ডিব্ৰুগড় আৰু শিলচৰত নন -উড়ান চেক্টৰত ফ্লাইবিগৰ পৰিসেৱা চলি আছিল। নিবিদাৰ যোগেদি তেওঁলোকে সুযোগ লাভ কৰিছিল আৰ এতিয়া তেওঁলোকে চলাব নোৱাৰিলে বিকল্প ব্যৱস্থা ল'ব লাগিব আৰু নতুন নিবিদা দিব লাগিব ।

বিগত ১৮ দিনে ৰূপচীতো বন্ধ ফ্লাই বিগৰ বিমান পৰিসেৱা...
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰে জীপাল হ’ল কুঁৱৰীটোল উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীস্থলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in