শুকানজুলী ফায়াৰিং ৰেঞ্জত অঘটন, এজন নিহত

শুকানজুলী ফায়াৰিং ৰেঞ্জত অঘটন, এজন নিহত

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত- ভূটান সীমান্তবৰ্তী শুকানজুলী ফায়াৰিং ৰেঞ্জত মঙলবাৰে ভাৰতীয় সেনা বাহিনীৰ লঘু আৰু গধুৰ অশ্ৰ- সশ্ৰৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে ৰেঞ্জৰ ভিতৰত বোমা বাৰুদৰ অৱশিষ্ট বুতলিব যাঁওতে এজন লোক নিহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছা পেলাইছে ।

ঘটনাৰ বিষয়ে জানিব পৰা মতে আজি পুৱাৰে পৰা ফায়াৰিং ৰেঞ্জত পাঞ্জাৱ ৰেজিমেণ্ট আৰু জি আৰ টেন মাদ্ৰাজ ৰিজিমেণ্টৰ অস্ত্ৰ- শস্ত্ৰ আৰু বোমা বাৰুদৰ প্ৰশিক্ষণ চলি আছিল । দিনৰ ভাগত বজাত দৰংগামেলা আৰক্ষী চকীৰ অধীনৰ হৰতোলা গাঁওৰ মৃত চুৰেম নাৰ্জাৰীৰ পুত্ৰ খেম্পো নাৰ্জাৰী (৩২)য়ে প্ৰশিক্ষণ চলি থকাৰ মাজতে ৰেঞ্জৰ ভিতৰলৈ সোমাই গৈ বোমা বাৰুদৰ অবশিষ্ট অংশ বুটলিবলৈ ধৰে ।

ৰেঞ্জৰ ভিতৰত ৮১ মৰ্টাৰৰ বোমা এটাৰ অবশিষ্ট অংশ পাই বোমাটো ভাঙিবলৈ চেষ্টা কৰাৰ সময়তে বোমাটো ফুটি খেম্পো নাৰ্জাৰীৰ ঠাইতে মৃত্যু হয় । এই খবৰ লাভ কৰি দৰংগামেলা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আনে আৰু মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সীমান্ত অঞ্চলটোতে শোকৰ ছাঁ পৰে ।

শুকানজুলী ফায়াৰিং ৰেঞ্জত অঘটন, এজন নিহত
নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in