অসমীয়া আৰু জনগোষ্ঠীয় মাধ্যম ভাষা বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ আছুৰ

অসমীয়া আৰু  জনগোষ্ঠীয় মাধ্যম ভাষা বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ আছুৰ

ডিজিটেল সংবাদ ,ধেমাজি: অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়াবলৈ লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্ৰতিবাদ। বুধবাৰে সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে ধেমাজি সদৰত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপ দাহ কাৰ্যসূচী গ্ৰহণ কৰে ।

"মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ আন্ত:গাঁঠনি উন্নত কৰক, মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান কেৱল ইংৰাজীত পঢ়োৱাৰ সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধৰ ষড়যন্ত্র বন্ধ কৰক, অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্রী হায় হায়" আদি বিভিন্ন শ্লো'গানৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মাই কয় "অসম চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অৱমাননা কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রীৰ আহ্বানক প্ৰত্যাহ্বান জনাইছে । যি সময়ত নতুন ৰাষ্টীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণৰ কথা কৈছে, দেশৰ প্ৰধানমন্ত্রী, গৃহমন্ত্রীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম মাতৃভাষাত প্ৰৱৰ্তনৰ পোষকতা কৰিছে সেই সময়তে অসম চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ ছাত্র সমাজে এই কথা কেতিয়াও নামানে, এই সিদ্ধান্ত বাতিল নোহোৱালৈকে ধাৰাবাহিক ভাৱে প্ৰতিবাদ হ'ব বুলি তেওঁ সকীয়াই দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জিলা ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই এ কয় যে " আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ধেমাজি জিলাখনৰ সোতৰখন আঞ্চলিক ছাত্র সন্থাই সোতৰটা স্থানত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি এই সিদ্ধান্ত বাতিল কৰিব লাগে।

বিষয়ববীয়া দ্বয়ে অহা ২৭ জানুৱাৰীত প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই চাইকেল সমদলেৰে প্ৰতিবাদ জনাব বুলি উল্লেখ কৰে । কাৰ্যসূচীত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিভাষ বৰগোহাঁই আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ডিংকু দত্তৰ লগতে শতাধিক ছাত্র কৰ্মী উপস্থিত থাকে ।

অসমীয়া আৰু  জনগোষ্ঠীয় মাধ্যম ভাষা বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ আছুৰ
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in