কালাকুছিত কৃষক সভা সম্পন্ন

কালাকুছিত কৃষক সভা সম্পন্ন

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ পশ্চিম তামুলপুৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্চ ক্লাৱৰ সহযোগত একশ্বন এইড এছোচিয়েচন ইণ্ডিয়া উদ্যোগত শনিবাৰে আবেলি কালাকুছি এল পি স্কুল প্ৰাংগণত এখন কৃষক সভা অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট সমাজকৰ্মী দুলাল দাসৰ সঞ্চালনাত অনুষ্ঠিত কৃষক সভাখনত পশ্চিম তামুলপুৰ অঞ্চলৰ কেইবাখন গাঁৱৰ কৃষকসকল উপস্থিত থাকে।

সভাত কৃষকৰ সমস্যা, কৃষি পথাৰত লাভ কৰা সা-সুবিধা ,কৃষকৰ প্ৰাপ্য অধিকাৰ কি কি,আগন্তুক দিনত কি দৰে খেতিয়কসকলে চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰে তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। সভাত কৃষক বকুল বৈশ্য,দমন পাটোৱাৰী , খগেন্দ্ৰ বড়ো গহীন বড়ো, ৰেনু শৰনীয়া আদি কৃষকে উপযুক্তভাৱে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰি মেচিন সাৰ আদি নোপোৱাৰ অভিযোগ তোলে ৷

সময়মতে শস্যত পানী লাভ কৰি খেতি কৰাৰ আশা কৰা, গাঁৱত গ্ৰাম সেৱক উপস্থিতি . বেচৰকাৰী সংস্থা জি ভি এমৰ কৃষি ক্ষেত্ৰত লোৱা ভূমিকা ,ভূমি পৰীক্ষা কৰা ধানৰ নুন্যতম সমৰ্থন মূল্য আদিৰ বিষয়ে বক্তব্য ৰাখি আহি থকা দিনত কৃষিপথাৰত জলসিঞ্চন সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ দিহা কৰিব বুলি আশা প্ৰকাশ কৰে খেতিয়কসকলে ৷ সাপকাটা গাঁৱত মৌ পালন কৰি লাভৱান হোৱা কথা অৱগত কৰা হয়। ভূমি অধিকাৰ সুৰক্ষা মঞ্চৰ নেতা কেশৱ ৰাজবংশীয়ে ভূমি অধিকাৰ সুৰক্ষা মঞ্চই বিটিআৰৰ ভূমি সমস্যাৰ বিষয়ে অৱগত কৰে ৷

কেন্দ্ৰ, ৰাজ্য আৰু বিটিআৰ চৰকাৰক ভূমিনীতি সংশোধন কৰি হলেও কৃষকক ভূমিৰ অধিকাৰ দিবলৈ দাবী জনায় ৷ আমাৰ মাটি আমাৰ অধিকাৰ লাগিবই বুলি কোৱাৰ লগতে বেলেগক আমাৰ মাটি নিদিওঁ বুলি কয়৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাত নতুন ভূমিনীতিৰ আৱশ্যক বুলিও কয় ৰাজবংশীয়ে ৷ অধিবক্তা সমাজ সেৱক কিশোৰ কুমাৰ কলিতাই কৃষি অৰ্থনীতিৰে কি দৰে কৃষকসকল স্বাৱলম্বী হ’ব পাৰি আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি নোহোৱা কৰা , স্বনিৰ্ভৰশীল কৃষি অৰ্থনীতি, নদ-নদী, খাল-বিল জলাশয়ৰ ভৱিষ্যত ইয়াৰ পাৰ্শ্বক্ৰিয়া, বানপানীৰ সমস্যা আদিৰ বিষয়ে বহলাই কৈ উপস্থিত কৃষকসকলক স্ব -নিৰ্ভৰশীলতাৰে কৃষি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মুকলি আহ্বান জনায় ৷

সভাত অসম কৃষক সংঘৰ প্ৰাাক্তন নেতা বলেন ডেকাই কৃষকসকলে সঠিক ঠাইত লাগি ভাগি কাম কৰিবলৈ আহ্বান জনাই কৃষকসকলক ৷ কৃষকসকলে নিজৰ সমস্যাৰ কথা চিন্তা কৰিহে ভৱিষ্যতৰ দিনত আগবাঢ়ি যাবলৈও আহ্বান জনায় ৷ আজিৰ সভাত একচন এইডচ্‌ৰ উত্তৰ-পূৱৰ ক্ষেত্ৰীয় প্ৰৱন্ধক মৃনাল গোঁহাই , কৰ্মচাৰী নয়নজ্যোতি ভূঞা, একচন এইডচ ৰ কৰ্মী ৰেহেনা ৰহমান, ফাৰ্মাচ ক্লাৱৰ সভাপতি সত্যনাৰায়ণ দাস, মীন দেউৰী ,মনোজ তালুকদাৰ, চক্ৰধৰ তালুকদাৰ উপস্থিত থাকে ৷

কালাকুছিত কৃষক সভা সম্পন্ন
বি বৰুৱা মহাবিদ্যালয়ৰ বক্তৃতানুষ্ঠানত ড° বুলজিৎ বুঢ়াগোহাঁই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in