/asomiyapratidin/media/media_files/2024/12/02/M5Mto7uCpihwjCz4aHCg.jpg)
ডিজিটেল সংবাদ ওৰাংঃ ৰাজ্যত অব্যাহত আছে অবৈধ নকল সোণ সৰবৰাহ। ওৰাঙত শেহতীয়াকৈ নকল সোণৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী আটক কৰাৰ পাছতে এই চোৰাং সৰবৰাহৰ বিষয়টো পুনৰ এবাৰ স্পষ্ট হৈ পৰিছে।
আজি ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ২নং ওদালগুৰি জংঘল গাঁৱৰ পৰা নকল সোণৰ নাওসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ওৰাং আৰক্ষীয়ে৷ ধৃত নকল সোণ সৰবৰাহকাৰীগৰাকী লখিমপুৰ জিলাৰ লালুক থানাৰ অধীনৰ বালিটকা গাঁৱৰ ছাদিকুল ইছলাম।
জব্দকৃত নকল সোণখিনিৰ ওজন এক কেজি পাচশ বিশ গ্ৰাম। ঘটনাৰ বিৱৰণ অনুসৰি এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ওৰাং আৰক্ষী থানাৰ আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত উপ-পৰিৰ্দশক সুৰজিত হাজৰিকা, আৰক্ষী কনিষ্ঠবল ৰক্তিম শইকীয়া, ২৭ নং এপিবিএন বেটেলিয়ন আৰু মাজৰচুবা গাওঁৰক্ষী বাহিনীৰ সম্পাদক আব্দুল জলিলৰ সহযোগত আৰক্ষীয়ে এক অভিযান চলাই।
পশ্চিম বংগৰ দক্ষিন দিনাপুৰ জিলাৰ অধীনস্থ গংগাৰামপুৰ আৰক্ষী থানাৰ বিকিয়াৰ গাঁৱৰ চেলিম মণ্ডল আৰু মুছলিম উদ্দিন সৰকাৰে ১০ লাখ টকাত চুক্তি কৰি সোণৰ নাও ক্ৰয় কৰিবলৈ আহি তেওঁলোকক ঠগ প্ৰবঞ্চনা কৰাৰ বাবে ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই মৰ্মে ওৰাং আৰক্ষীয়ে তদন্ত কৰি ২নং ওদালগুৰি জংঘল গাঁৱৰ বাসিন্দা ইক্ৰামুল আলিৰ গৃহৰ পৰা নকল সোণৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
লক্ষীমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অধীনস্থ বালিটিকা গাঁৱৰ ছাদিকুল ইছলামক আটক কৰি ওৰাং আৰক্ষী থানালৈ আনে৷ ইতিমধ্যে ওৰাং আৰক্ষীয়ে ১০২/২৪ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩১৬(২)/৩১৮(৪) ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি ছাদিকুল ইছলামক গ্ৰেপ্তাৰ কৰি ওদালগুৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।