/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/35e0641c-0ee4-43af-b118-92a3a5cc00c6/85699c38_dbe6_4b25_9732_ce43cbb41320.jpg)
ডিজিটেল সংবাদ,চিৰাং : সুৰা কেলেংকাৰীৰ গোচৰত অৰবিন্দ কেজৰিৱাল জে'ল বন্দী হোৱাক লৈ দেশৰ ৰাজনীতি তোলপাৰ হৈ থকাৰ সময়তে শনিবাৰে আবকাৰী বিভাগে ভূটানী সুৰা জব্দ কৰে। জানিব পৰামতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু চহৰৰ পৰা দিল্লী অভিমুখী ৩খন ভূটানী সুৰা ভৰ্তি কন্টেইনাৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত আবকাৰী বিভাগে জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8afbd0fd-f2db-47ad-a08c-bb4553f59c7a/e9764479_fe96_4d79_ab70_ad0e92a6df1a.jpg)
বিভাগীয় সূত্ৰই সদৰী কৰা মতে শুকুৰবাৰে বিয়লিৰ ভাগত চুবুৰীয়া ৰাষ্ট্ৰখনৰ গেলেফু চহৰৰ পৰা ভূটানী সুৰাভৰ্তি ৩খন কন্টেইনাৰ নীতি বহিঃৰ্ভূতভাৱো দেশৰ ৰাজধানী দিল্লী অভিমুখে যাত্ৰা কৰাৰ গোপন সূত্ৰৰ খবৰ লাভ কৰে। ইয়াৰ পাছতে বঙাইগাঁও জিলা আবকাৰী বিভাগৰ চুপাৰিনটেনডেন্ট অমৰেন্দ্ৰ নাথৰ নেতৃত্বত চিৰাং আৰু কোকৰাঝাৰ জিলাৰ আবকাৰী বিভাগৰ সহযোগত অভিযান চলাই ৰুণীখাতাত RJ 52 GA 3533, NL 01 AB 71 97 আৰু NL 01 AH 5504 পঞ্জীয়ন নম্বৰৰ তিনিখন কন্টেইনাৰ জব্দ কৰি নিশাৰ ভাগত জিলা সদৰ কাজলগাঁৱত লৈ আহে।
আজি পুৱা কাজলগাঁৱত জব্দ কৰা কন্টেইনাৰ তিনিখন খুলি পৰীক্ষা কৰাত কন্টেইনাৰৰ ভিতৰৰ পৰা মুঠ ৩১৩০ কাৰ্টন ভূটান ব্লু ব্যাণ্ড সুৰা জব্দ কৰে। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৩কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ।
ইপিনে আজি পুৱাৰ ভাগত আবকাৰী বিভাগৰ দ্বাৰা ভূটানী সুৰাভৰ্তি কন্টেইনাৰ তিনিখন জব্দ কৰাৰ খবৰ লাভ কৰি গেলেফু চহৰৰ আৰ্মী ওয়েলফেয়াৰ প্ৰজেক্টৰ কেইবাজনো বিষয়া কাজলগাঁৱত আহি উপস্থিত হয় । তেওঁলোকে ভূটানৰ আবকাৰী বিভাগৰ সম্পূৰ্ণ বৈধ নীতি নিয়ম অনুসৰি ৰপ্তানি কৰাৰ উদ্দেশ্যৰে উক্ত কন্টেইনাৰ তিনিখনত ভূটানী সুৰা ভৰ্তি কৰিছিল বুলি দাবী কৰে। কিন্তু কি কাৰণত অসমৰ আবকাৰী বিভাগে এই কন্টেইনাৰ তিনিখন জব্দ কৰিলে এই সন্দৰ্ভত তেওঁলোক অৱগত নহয় বুলি সদৰী কৰে।
ইপিনে ভূটানৰ পৰা ওলাই অহা সুৰাভৰ্তি কন্টেইনাৰ তিনিখনৰ নথি-পত্ৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ হাতিছাৰ-দাদগিৰিত থকা শুল্ক বিভাগৰ লোকেও পৰীক্ষা কৰি কন্টেইনাৰ তিনিখনক যাবলৈ পাৰপত্ৰ প্ৰদান কৰিছিল । তাৰ পিছতো কিয় এই সুৰাভৰ্তি কন্টেইনাৰ তিনিখনক আবকাৰী বিভাগে ৰুণীখাতাত জব্দ কৰিলে সেয়াও এক চৰ্চাৰ বিষয় হৈ পৰিছে ।
আবকাৰী বিভাগৰ সূত্ৰই জানিবলৈ দিয়ামতে অসম তথা দেশত এই মুহূৰ্তত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ আছে । তাৰ মাজতেই এই ভূটানী সুৰাভৰ্তি কন্টেইনাৰ তিনিখন আবকাৰী নীতি-নিয়ম উলংঘন কৰি ভূটানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ।
যাৰ কাৰণেই অসমৰ আবকাৰী বিভাগৰ নীতি-নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগত এই কন্টেইনাৰ তিনিখন জব্দ কৰে । সমগ্ৰ বিশেষটো আবকাৰী বিভাগৰ দ্বাৰা তন্নকৈ তন্নকৈ পৰীক্ষা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।
সুৰাখিনি সৰবৰাহ কৰাৰ আৰঁত কোনো আন্তৰ্জাতিক সুৰা চক্ৰ জড়িত হৈ থকাৰো সন্দেহ কৰা হৈছে । এইক্ষেত্ৰত আবকাৰী বিভাগৰ সঠিক অনুসন্ধান তথা তদন্তৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।
Also Read: নাহিলে ভোটাৰ, কেনেকৈ ৪০০পাৰ ?