/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ad585994-a938-416b-8a57-6e11ca2c1088/4.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰত ভাৰতীয় সেনা বাহিনীৰ মেলা অনুষ্ঠিত হৈ যায় ৷ ভাৰতীয় সেনা বাহিনীত নিয়োজিত হৈ শ্বহীদ পৰিয়াল আৰু প্ৰাক্তন সৈনিকসকলক লৈ তেওঁলোকৰ পেঞ্চন, চিকিৎসা, স্বাস্থ্য আৰু কল্যাণমূলক আঁচনিৰ সৈতে জড়িত তথা সমস্যাসমূহৰ সমাধান কৰিবলৈ সৰ্বাধিক প্ৰবীণ সৈনিকৰ সৈতে পৰিয়ালৰ যোগাযোগ কৰাৰ লক্ষ্যৰে 'হামেসা আপনো কে সাথ' মূলমন্ত্ৰৰে এই সমাৰোহ অনুষ্ঠিত কৰি তেওঁলোকৰ ভৱিষ্যত দিশ সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰে।
অনুষ্ঠানত বীৰ নাৰী, মাতৃ, যুদ্ধৰ প্ৰবীণ সৈনিকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিশেষ ভাৱে সক্ষম প্ৰবীণ সৈনিকসকলক হুইল চেয়াৰ প্ৰদান কৰা হয়। নামনি অসমৰ ১৫০০ তকৈ অধিক প্ৰাক্তন সৈনিকক এই অনুষ্ঠানৰ অংশীদাৰ কৰা হয়। এই মেগা অনুষ্ঠানটোৱে যোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক বিভিন্ন সুবিধা প্ৰদান কৰাৰ লগতে চিডিএ, ৰেকৰ্ড কাৰ্যালয় আৰু জিলা সৈনিক বোৰ্ডৰ প্ৰতিনিধিৰ জৰিয়তে স্পট ৰিজলিউশ্বন আৰু বিষয়বোৰ সংশোধন কৰাৰ ক্ষেত্ৰত পেঞ্চন আৰু পৰিশোধৰ বিষয়ে আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fe88b7c5-61ed-4829-9312-78f20312228f/9d6e96e5_c400_4f24_b4e2_0a65f81f5038.jpg)
মেলাখনিৰ অনুষ্ঠানত চিকিৎসা শিবিৰ আৰু চিএছডি বিপনীসমূহৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কাৰীসকলক চিকিৎসা সহায় আৰু চিএছডি সুবিধা প্ৰদান কৰা হয়। অনুষ্ঠানটোত প্ৰগতি এডুটেকৰৰ দ্বাৰা নিযুক্তিৰ সুযোগ প্ৰদৰ্শন কৰা বিপনীসমূহ, খেতিয়ক সকলৰ বাবে সজাগতামূলক শিবিৰ আৰু বিনামূলীয়া বিজ বিতৰণৰ ও ব্যৱস্থা গ্ৰহণ কৰে। অনুষ্ঠানত ভাৰতীয় সেনাৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থকাৰ লগতে অৱসৰপ্ৰাপ্ত সৈনিক বিষয়া সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5e2ae3ae-2552-44e3-bc34-71705d17012c/52a7c4b5_d0fd_4159_ad25_15aafb101bf0.jpg)
প্ৰাক্তন সেনা বিষয়া ৰঞ্জিত বৰঠাকুৰ যোগেশ তালুকদাৰ সহ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকি অৱসৰী জীৱন কটোৱা সেনাৰ পৰিয়াল সমূহৰ সা সুবিধা আৰু জীৱন ধাৰনৰ মানদণ্ডৰ ওপৰত বক্তব্য ৰাখি অসম চৰকাৰে কি দৰে প্ৰাক্তন সেনাৰ পৰিয়ালৰ লোক অসম চৰকাৰে দিয়া সা-সুবিধাবোৰৰ কথা সদৰী কৰে।
Also Read: সোণাৰি ১৬ টা উন্নয়ন মূলক কামৰ শিলান্যাস