/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/def2ccfa-9f3b-4c28-92e5-e3be923a64ee/kokrajhar.jpg)
কোকৰাঝাৰত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা আৰু অসম বিজ্ঞান দিৱস পালন...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম বিজ্ঞান সমিতিৰ ৭২ সংখ্যক প্ৰতিষ্ঠা তথা অসম বিজ্ঞান দিৱস আজি কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷ অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু সমিতিৰ কোকৰাঝাৰ শাখাৰ সহযোগত কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱস তথা অসম বিজ্ঞান দিৱস ৷
ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলনেৰে অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা তথা বিজ্ঞান দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বিজ্ঞান সমিতিৰ সভাপতি ধীৰেশ্বৰ কলিতাই ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰী আৰু সমল ব্যক্তিৰ মাজত মত-বিনিময় আৰু আলোচনা সভা অনুষ্ঠিত হয় ৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব মৃণাল হাজৰিকাই ৷ কেন্দ্ৰীয়ভাৱে উদযাপিত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা আৰু অসম বিজ্ঞান দিৱসৰ কাৰ্যসূচীত কোকৰাঝাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/81893b9b-7728-4f4e-bc7c-9cd850bd2d93/17d4d80f_4066_4b07_8cf3_7723f3454d52.jpg)
উল্লেখ্য যে, অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা তথা বিজ্ঞান দিৱসৰ সতে সংগতি ৰাখি কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ৷ সভাৰ অন্তত অংশগ্ৰহণকাৰী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মানপত্ৰ বিতৰণ কৰে অসম বিজ্ঞান সমিতিয়ে ৷
অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা আৰু বিজ্ঞান দিৱসৰ কাৰ্যসূচী তথা আলোচনা সভাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা জুতিকা নাৰ্জাৰী, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা অঞ্জলি বসুমতাৰী, অসম বিজ্ঞান সমিতিৰ কোকৰাঝাৰ শাখাৰ সম্পাদক চক্ৰমণি ব্ৰহ্মসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/acc79529-a0b9-425c-8730-ccda412f62de/8f5bdce2_64c1_4827_906e_c5d4942be942.jpg)
Also Read: ৰঙিয়াত কামৰূপ জিলা পৰিবহণ বিষয়াৰ পথ সুৰক্ষা সজাগতা সভা...