/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4f08a3b5-b770-4ac4-aff5-f52a6c915615/468.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়তো বৃহস্পতিবাৰে কৰ্মচাৰীসকলে সন্থাৰ দীৰ্ঘদিনীয়া দাবীৰ সমাধানত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা ১০-০০ বজাৰ পৰা ১২-০০ বজালৈ অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীৰ ফলত আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ পুৱাৰ ভাগত অচল কৰি তোলা পৰিলক্ষিত হয়।
ইফালে ধৰ্ণাৰ অন্তত সন্থাৰ কোকৰাঝাৰ জিলা সম্পাদক মতিলাল দাসে কয় যে, কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্ত্তন কৰা আৰু এনপিএচ বাতিল কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় । আজিৰ ধৰ্ণা কাৰ্যসূচীৰ সময়ছোৱাত কৰ্মচাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে জিলা আয়ুক্তৰ কাৰ্যালয় মুখৰিত কৰি তোলে।
উল্লেখযোগ্য যে, কাইলৈও কৰ্মচাৰীসকলে নিজ দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জনায়।
Also Read: কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল : ৮ জানুৱাৰী পূৰ্বেই কৰক এই সমূহ কাম...