Advertisment

কুমাৰীকাটাত “নতুন শিক্ষা নীতি আৰু ইয়াৰ প্ৰভাৱ” শীৰ্ষক শিক্ষা সজাগতা সভা সম্পন্ন

কুমাৰীকাটাত “নতুন শিক্ষা নীতি আৰু ইয়াৰ প্ৰভাৱ” শীৰ্ষক শিক্ষা সজাগতা সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
কুমাৰীকাটাত “নতুন শিক্ষা নীতি আৰু ইয়াৰ প্ৰভাৱ” শীৰ্ষক শিক্ষা সজাগতা সভা সম্পন্ন

ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰ জিলাৰ কুমাৰীকাটা ত অৱস্থাতিত ৰাইজিং একাডেমিত এছ এছ ইন্ট্ৰিগেটেড একাডেমিৰ উদ্যোগত ৰাইজিং ষ্টাৰ একাডেমিৰ সহযোগত নতুন শিক্ষা নীতি আৰু ইয়াৰ প্ৰভাৱ” শীৰ্ষক শিক্ষা সজাগতা সভা এখন অনুষ্ঠিত হৈ যায় ৷ ৰঙিয়াস্থিত ব্যাক্তগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠা গছ এছ ইন্ট্ৰিগেটেড একাডেমিৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ দেৱ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত শৈক্ষিক সজাগতা সভাখনৰ আদৰণি ভাষণ আগবঢ়াই ৰাইজিং ষ্টাৰ একাডেমিৰ অধ্যক্ষ আমিণুৰ ইছলামে ৷

Advertisment

সজাগতা সভাত সমল ব্যাক্তি হিচাপে উপস্থিত থাকি ক্ৰমে এছ এছ ইন্ট্ৰিগেটেড একাডেমিৰ পৰিচালন সঞ্চালক ডা° সৌৰভ কুমাৰ বৰা, বিশিষ্ট শিক্ষাবিদ তথা পদাৰ্থ বিজ্ঞানী কাজল শৰ্মা , বিটিআৰৰ এম চি এল এ বিজিত গৗৰা নাৰ্জাৰী ,কুমাৰীকাটা ৰাইজিং ষ্টাৰ একাডেমিৰ পৰিচালন সঞ্চালক মইনুল হ’ক চৌধুৰী,কুমাৰীকাটা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক বুদ্ধ বাহাদুৰ চেত্ৰী,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য়যনিৰ্বাহক ডুলুজিৎ দাসে নতুন শিক্ষা নীতি আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বিতংভাৱেআলোচনা কৰে ৷ শৈক্ষিক সজাগতা সভাত কুমাৰীকাটা অঞ্চলৰ সচেতন অভিভাৱকসকল ৰাইজিং ষ্টাৰ একাডেমিৰ নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

Also Read: ধৰমশালাত ধৰাশায়ী ইংলেণ্ড : ৪-১ৰ ব্যৱধানত জয়ী ৰোহিত বাহিনী

Kumarikata education