বিশ্বজিৎ দৈমাৰীয়ে ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ কৰি অধ্যক্ষ পদৰ মৰ্যাদা লাঘৱ কৰিছে : দুৰ্গাদাস বড়ো

বিশ্বজিৎ দৈমাৰীয়ে ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ কৰি অধ্যক্ষ পদৰ মৰ্যাদা লাঘৱ কৰিছে : দুৰ্গাদাস বড়ো

ডিজিটেল সংবাদ,ওদালগুৰি : "বিশ্বজিৎ দৈমাৰীয়ে ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ কৰি তথা ৰাজনৈতিক মন্তব্য প্ৰদান কৰি বিধানসভাৰ অধ্যক্ষ পদৰ মৰ্যাদা লাঘৱ কৰিছে। এইক্ষেত্ৰত সন্মানীয় অধ্যক্ষগৰাকীয়ে স্পষ্টীকৰণ প্ৰকাশ কৰা উচিত। অন্যথা বুজিম আপুনি নিৰপেক্ষ হৈ থকা নাই।" এই মন্তব্য বিপিএফ দলৰ বিধায়ক তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ।

বুধবাৰে ওদালগুৰিত বিপিএফ দলৰ নিৰ্বাচন কৰ্ণধাৰ সমিতিৰ এক সভাত উপস্থিত থাকি বড়োৱে এই মন্তব্য প্ৰদান কৰে। লগতে তেওঁ কয়- "ম‌ই ইতিমধ্যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ১১ টাকৈ বিধানসভা সমষ্টি এলেকা ভ্ৰমণ কৰিছো। ইয়াৰ ভিতৰত বিটিচিৰ ছয়টাকৈ সমষ্টি সম্পূৰ্ণ সুৰক্ষিত। লগতে আন সমষ্টিকেইটাতো আমি ভাল ফলাফল দেখুৱাম।"

ইফালে ওদালগুৰি জিলাত এটা নিৰ্বাচনী ভিভিপেট হেৰুওৱা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ম‌ই ইতিমধ্যে বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিষয়াৰ সৈতে ফোনযোগে খবৰ কৰিছো। যিহেতু ভিভিপেট এটা গুৰুত্বপূৰ্ণ অংশ তাৰ পিছতো কিয় গুৰুত্বহীন কৰিছে সেয়া মানি লব পৰা নাই। আশা কৰিছো অতি সোনকালে বিষয়টো সন্দৰ্ভত ৰাজ্যৰ নিৰ্বাচন আয়োগে স্পষ্টীকৰণ প্ৰকাশ কৰিব। অন্যথা ইভিএম বিশংগতি কৰাৰ এয়া প্ৰথম পদক্ষেপ বুলি ধৰি লম।"

সভাত উপস্থিত থাকি ওদালগুৰি জিলা বিপিএফৰ সভাপতি ৰিহণ দৈমাৰীয়ে কয়- "এইবাৰ আমাৰ ফলাফল ভাল হ'ব। ইতিমধ্যে কংগ্ৰেছ দলৰ কৰ্মীসকলে আমাৰ সৈতে যোগাযোগ কৰি বিপিএফক সমৰ্থন জনাব বুলি প্ৰকাশ কৰিছে। যোৱা পাঁচ বছৰত বিজেপিৰ সাংসদগৰাকীয়ে কোনো ধৰণৰ কাম নকৰাৰ ৰাইজ ক্ষুন্ন হৈছে। গতিকে কংগ্ৰেছৰ সমৰ্থকসকলে এইবাৰ বিপিএফক সমৰ্থন জনাব।"

ইফালে জিলাখনৰ পৰা ভিভিপেট হেৰুওৱা বিষয়টো বিপিএফ দলে নিন্দা কৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচন আয়োগলৈ অভিযোগ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে। আজিৰ এই সভাত কেইবাটাও ৰাজনৈতিক দলৰ কৰ্মীয়ে বিপিএফত যোগদান কৰে।

বিশ্বজিৎ দৈমাৰীয়ে ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ কৰি অধ্যক্ষ পদৰ মৰ্যাদা লাঘৱ কৰিছে : দুৰ্গাদাস বড়ো
মায়ঙৰ বৰপাকত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in