/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/hvffqi7v/AP-FOR-WEB-pratidin-.jpg)
মাতৃভাষাক বিষয় হিচাপে লৈ নিৰ্মাণ কোকৰাঝাৰৰ দুৰ্গা মণ্ডপ...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসমীয়া আৰু বাংলা ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত লাভ কৰাত অনুপ্ৰাণিত হৈয়ে কোকৰাঝাৰৰ ৰবীন্দ্ৰ নগৰত ৰবীন্দ্ৰ নগৰ উন্নয়ন সমিতিয়ে সাজি উলিয়াইছে এক ব্যতিক্ৰমী "মাতৃভাষা" পূজা মণ্ডপ। কোকৰাঝাৰৰ এই ব্যতিক্ৰমী দুৰ্গা পূজাৰ মূল তোৰণখন আয়োজক সমিতি অৰ্থাৎ ৰবীন্দ্ৰ নগৰ উন্নয়ন সমিতিয়ে নিৰ্মাণ কৰিছে কিতাপৰ মেটমৰা সম্ভাৰেৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/jnhq0clu/d02c9c76-6142-4182-95d5-03a84ca86ab5.jpg)
অকল ইমানেই নহয় পূজা মণ্ডপটো "মাতৃভাষা" নামেৰে নামাকৰণ কৰি মণ্ডপৰ ভিতৰত মনৰভাৱ প্ৰকাশ কৰিবলৈ মাতৃভাষাৰ বাদে আন একোৱে নাই, মাতৃভাষাৰ পাঠদানে ইতিহাস, পৰম্পৰা, মূল্যবোধ সংৰক্ষণ কৰে আদি ইত্যাদি বিভিন্ন বাণীৰে চিত্ৰ অংকিত কৰি মা দুৰ্গাৰ বন্দনা কৰিছে ৰবীন্দ্ৰ নগৰৱাসীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/9rokajf2/cf505368-0782-4c96-b65b-29d77108f401.jpg)
ইয়াৰোপৰি মণ্ডপৰ ভিতৰত অৰুণোদয়, বিস্ময়, কুঁহিপাত, মিৰিজীয়ৰী, অসীমত যাৰ হেৰাল সীমা, অসমীয়া প্ৰতিদিন কাকতকে আদিকে ধৰি বড়ো, বাংলা সাহিত্যৰো প্ৰদৰ্শন কৰা হৈছে। তদুপৰি পূজা মণ্ডপৰ ভিতৰত ডিজে পৰিবৰ্তে সুমধুৰ গীত বজোৱা হৈছে।
মণ্ডপৰ ভিতৰত সুমধুৰ অসমীয়া, বঙালী গীত বাজি থকাৰ উপৰিও ঘোষকে মাতৃভাষাৰ বিষয়বস্তুৰ ওপৰত সমুধুৰ কণ্ঠৰে মাতৃভাষাৰ ঐতিহ্য আৰু গৌৰৱময় গাঁথাৰ বিষয়ে কৈ থাকে। মাতৃভাষা যে আমাৰ উশাহ, মাতৃভাষা যে আমাৰ প্ৰাণ সেয়া সোঁৱৰাই দিবলৈ পূজা কমিটিয়ে ব্যৱহাৰ কৰিছে ৰেকৰ্ডেড অডিঅ'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/mney5hv8/8e23782b-f074-4d3b-8a2c-9e9324056566.jpg)
যান্ত্ৰিকতাময় পূজামণ্ডপৰ ডিজেৰ উচ্চ প্ৰাৱল্যৰ সংগীতৰ বিপৰীতে, পশ্চিমীয়া দেশৰ বিল্ডিং, ষ্টাৰ্কচাৰ অনুসৰণ কৰি মূল মণ্ডপ নিৰ্মান কৰাৰ বিপৰীতে কোকৰাঝাৰত অকল কিতাপ, কাঠপেঞ্চিল, চিয়াহীৰ বটলেৰে অন্যন্য ৰূপত সজাই তোলা কোকৰাঝাৰৰ ৰবীন্দ্ৰ নগৰৰ মাতৃভাষাৰ পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষন কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/sznsl27b/a016110e-9a65-4605-8f7e-bd6400a6935e.jpg)
এই সন্দৰ্ভত দুৰ্গা পূজাত মাতৃভাষা মণ্ডপৰ পৰিকল্পনাকাৰী জয় মণ্ডলে কয় যে, মাতৃভাষাক বিষয় হিচাপে লৈ পূজাৰ মণ্ডপ নিৰ্মাণ কৰাৰ পৰিকল্পনা আগৰে পৰা আছিল। অসমীয়া আৰু বঙালী ভাষাই ধ্ৰপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পিছতে তেওঁলোকে বিষয়টো চূড়ান্ত কৰে আৰু পূজাৰ মণ্ডপটো সম্ভৱপৰ মাতৃভাষাৰ পৰশ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/6r43amk2/951ecdb7-fc2a-4f22-86ce-dd9ef348ec74.jpg)
মাতৃভাষাই হ'ল শ্ৰেষ্ঠ ভাষা, কিন্তু আজিকালি মাতৃভাষাৰ পৰিবৰ্তে আন ছেকেণ্ডাৰী ভাষাৰ ওপৰত গুৰুত্ব দিয়ে বুলি মন্তব্য কৰি জয় মণ্ডলে কয় যে, মাতৃভাষাৰ দ্বাৰা মনৰ ভাৱ যেনেদৰে প্ৰকাশ কৰিব পাৰি, আন ভাষাৰ দ্বাৰা নোৱাৰি। সকলোকে নিজৰ মাতৃভাষাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে জয় মণ্ডলে।
Also Read: নেৰানেপেৰা বৰষুণঃ চিৰাঙৰ চম্পাৱতী নৈয়ে লৈছে ভয়াৱহ ৰূপ...