নেৰানেপেৰা বৰষুণঃ চিৰাঙৰ চম্পাৱতী নৈয়ে লৈছে ভয়াৱহ ৰূপ...

যাতায়তক লৈ জনতাৰ মাজত দুৰ্ভোগ

author-image
Asomiya Pratidin
New Update
নেৰানেপেৰা বৰষুণঃ চিৰাঙৰ চম্পাৱতী নৈয়ে লৈছে ভয়াৱহ ৰূপ...

নেৰানেপেৰা বৰষুণঃ চিৰাঙৰ চম্পাৱতী নৈয়ে লৈছে ভয়াৱহ ৰূপ...

ডিজিটেল সংবাদ, চিৰাং: শাৰদীয়া দুৰ্গা পূজাৰ প্ৰাকক্ষণত কেইবাদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ চম্পাৱতী নৈত আহিন মহীয়া বানপানীৰ সৃষ্টি হৈছে। আজি পুৱতি নিশা চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে তিনিখনকৈ বাহৰ দলং।

Advertisment

ফলস্বৰূপে দুৰ্গা পূজাৰ সময়ছোৱাত বাসুগাঁও চহৰৰ সমীপৰ নৈপৰীয়া গাঁৱৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, বাৰিষা বতৰ যোৱাৰ পিছত চম্পাৱতী নৈৰ বুকুৰ পৃথক পৃথক এলেকাত কিছুদিন আগতেই তিনিখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ এক সুবিধা কৰি দিছিল।

উটুৱাই নিয়া বাঁহৰ দলং কেইখন ক্ৰমে কুৰ্শাকাটি-কচুদোলা ঘাট, পূৱ খাগ্ৰাবাৰী-পশ্চিম খাগ্ৰাবাৰী ঘাট আৰু কাউনীয়াভাষা-তিৰিমাৰী ঘাটৰ সংযোগী বাঁহৰ দলং। সদ্য নিৰ্মিত তিনিখনকৈ অস্থায়ী বাঁহৰ দলং বুধবাৰে নিশাৰ ভাগত উটুৱাই লৈ যোৱাৰ ফলত চম্পাৱতী নৈৰ দুয়োপাৰৰ বাসিন্দাসকলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

তেওঁলোকে পুনৰ টুলুঙা নাঁৱৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিবলগীয়া হৈছে। কিন্তু আজিৰ দিনটোত টুলুঙা নাঁও চলাচল আৰম্ভ নোহোৱাত নৈপৰীয়া ৰাইজে বহুদূৰ পথ অতিক্ৰম যাতায়াত কৰিব লগাত পৰিছে।

Also Read: নিমখৰ পৰা বিমান, মহাকাশযানলৈ কি নাই টাটাৰ সাম্ৰাজ্যত...

চিৰাং বানপানী