বাৰিষা সন্মুখত লৈ ৰবি শস্যৰ বীজ যোগানৰ নামত বীজ নিগমত পুনৰ ভয়ংকৰ কেলেংকাৰীৰ ব্লু প্ৰিন্ট

বাৰিষা সন্মুখত লৈ ৰবি শস্যৰ বীজ যোগানৰ নামত বীজ নিগমত পুনৰ ভয়ংকৰ কেলেংকাৰীৰ ব্লু প্ৰিন্ট

ডিজিটেল ডেস্কঃ ৰাজ্যত কৃষকক বীজ যোগানৰ নামত চলি অহা লুণ্ঠন আৰু কেলেংকাৰী আজিও ওৰ পৰা নাই। আসাম ছীড কৰ্পাৰেশ্যন লিমিটেড, খানাপাৰাই পুনৰ ২০২৪-২৫ বৰ্ষৰ বাবে বীজ যোগানৰ নিবিদা ইতিমধ্যে জাৰি কৰিছে।

টেণ্ডাৰ ৰেফাৰেন্স নম্বৰ ASC/Mkt/825/e tender/2023-24 যোগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। অনলাইনযোগে বীজ যোগানৰ বাবে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা আহ্বান কৰা হৈছে নিবিদা।

সেই অনুসৰি কেইবাবিধ শস্য আৰু পাচলি সংকৰণ প্ৰজাতিৰ বীজ যোগানৰ বাবে বাৰিষাৰ মাজতে বহুকেইটা প্ৰতিষ্ঠানৰ সৈতে বুজাপৰা হৈ গৈছে। কমিছনৰ বিনিময়ত এই প্ৰতিষ্ঠানসমূহক কোটি কোটি টকা বীজ যোগানৰ ঠিকা দিবলৈ তৎপৰ হৈ পৰিছে দিছপুৰ মহল।

উল্লেখযোগ্য যে এই ই-নিবিদাৰ বাবে জাননী প্ৰকাশ কৰা হৈছে ১১-০৩-২০২৪ ত। সেই অনুসৰি বীজ যোগানৰ ঠিকা সন্দৰ্ভত আলোচনা কৰিবলৈ এখন সভা ১৮ মাৰ্চত অনুষ্ঠিত হৈছে।

পূৰ্বতে বীজ যোগান ধৰা আৰু দিছপুৰ তথা কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াৰ আশীষ ধন্য প্ৰতিষ্ঠানক এই ঠিকা দিবলৈ ব্লু প্ৰিন্ট সাজু কৰা হৈছে। এইখিনিতে লক্ষণীয় যে তালিকাত নাম থকা বহু পূৰ্বৰ বীজ যোগানধাৰী প্ৰতিষ্ঠানৰ বীজেই অংকুৰিত নহ'ল।

বীজ যোগানৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী এই চক্ৰটোৱে বিভাগৰ বৰমূৰীয়াৰ নিৰ্দেশতে সম্পূৰ্ণ কৰি আহিছে। ''অসমীয়া প্ৰতিদিন ডিজিটেল''ত সেই সন্দৰ্ভত সবিশেষ তথ্য আহি পৰিছে। দুই এদিনতে ''অসমীয়া প্ৰতিদিন ডিজিটেলে'' বীজ যোগানৰ এই বিয়াগোম কেলেংকাৰীৰ তথ্য সৱিস্তাৰে প্ৰকাশ কৰিব।

বিলাহী, কবি, ৰঙালাউ, গাজৰ, ভেন্দী,জলকীয়া,বীন,অমিতা, ব্ৰকলি, মূলা,ফুলকবি, পালেং, বেঙেনা আদি শাক-পাচলি বীজৰ বাবে এই ই-নিবিদা আহ্বান কৰিছে আসাম ছীড কৰ্পাৰেশ্যন লিমিটেডে। অথচ ৰবি শস্যৰ এই বীজসমূহ খৰালিহে যোগান ল'ব লাগিছিল যদিও বাৰিষা বতৰত ৰহস্যজনকভাৱে সেই ঠিকাৰ বাবে নিবিদা আহ্বান কৰা হৈছে।

সেই অনুসৰি বিলাহীৰ হাইব্ৰীড বীজ ৫৫ কেজি, কবিৰ হাইব্ৰীড বীজ ৫৫ কেজি, মটৰ মাহৰ হাইব্ৰীড বীজ ১১০০ কেজি, ফ্ৰেন্স বীনৰ ১১০০ কেজি, কেৰেলাৰ ৫৫ কেজি, বীনৰ ৫৫ কেজি, বেঙেনা ৫৫ কেজি, গাজৰ ৫৫ কেজি, তিয়হ ৫৫ কেজি, ভেন্দী ১৬৫কেজি, জলকীয়া ৫৫ কেজি, তৰমুজ ৫৫কেজি, অমিতা ৫৫ কেজিকে ধৰি মুঠ প্ৰায় ৪০০০ কেজি বীজৰ যোগানৰ বাবে এই নিবিদা আহ্বান কৰিছে।

এই নিবিদা গ্ৰহণৰ অন্তিত তাৰিখ ধাৰ্য কৰা হৈছে ৬ এপ্ৰিল, ২০২৪ৰ আবেলি ৫ বজা। ৯ এপ্ৰিলত নিবিদাসমূহৰ পৰীক্ষা হ'ব। ইতিমধ্য এই কৃষি বিভাগত খোপনি পুতি থকা কেইবাজনো অনা-অসমীয়া বনিয়াই বহুকোটিটকীয়া বীজ যোগানৰ ঠিকা লাভ কৰিবলৈ নামে-বেনামে আৰু ভুৱা প্ৰতিষ্ঠানৰ নামত নিবিদা জমা দিবলৈ তৎপৰ হৈছে। অভিযোগ মতে এনে প্ৰক্ৰিয়াৰে পূৰ্বে তেওঁলোকে শ শ কোটি টকা বীজ যোগানৰ ঠিকা লাভ কৰিছিল।

বাৰিষা সন্মুখত লৈ ৰবি শস্যৰ বীজ যোগানৰ নামত বীজ নিগমত পুনৰ ভয়ংকৰ কেলেংকাৰীৰ ব্লু প্ৰিন্ট
নিজকে হিন্দু বুলি পৰিচয় দি ৩ বছৰ প্ৰেম! যুৱতীৰ পৰা ১২ লাখ লুটি হামিদুল উধাও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in