কোকৰাঝাৰত ডুৰাণ্ড কাপত অঘটনঃ খেলপথাৰলৈ দৰ্শকে দলিয়ালে চকী, পানীৰ বটল...

কোকৰাঝাৰত ডুৰাণ্ড কাপত অঘটনঃ খেলপথাৰলৈ দৰ্শকে দলিয়ালে চকী, পানীৰ বটল...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ডুৰাণ্ড কাপত অঘটনঃ খেলপথাৰলৈ দৰ্শকে দলিয়ালে চকী, পানীৰ বটল...

কোকৰাঝাৰ ডুৰাণ্ড কাপত অঘটনঃ খেলপথাৰলৈ দৰ্শকে দলিয়ালে চকী, পানীৰ বটল...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ এছিয়াৰ আটাইতকৈ পূৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপত অঘটন। কোকৰাঝাৰত অনুষ্ঠিত হোৱা এখন মেচত দৰ্শকৰ উদ্ভণ্ডালিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিলে। মেচৰ মাজতে খেলপথাৰলৈ দলিয়ালে পানী বটল, চকী আদি।

Advertisment

উল্লেখ্য যে, শতবৰ্ষ গৰকা ডুৰাণ্ড কাপৰ এখন মেচ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল কোকৰাঝাৰৰ ছাইৰ খেলপথাৰত। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বড়োলেণ্ড এফ চিয়ে এই মেচখনত ইণ্ডিয়ান আৰ্মী এফ চিৰ বিৰুদ্ধে খেলিছিল।মেচখনত বড়োলেণ্ড এফ চি ইণ্ডিয়ান আৰ্মীৰ হাতত ১-২ ব্যৱধানত পৰাস্ত হয়।

মেচখনৰ আৰম্ভণিৰে পৰা বড়োলেণ্ড এফ চি পিছপৰি থকাৰ বিপৰীতে ইণ্ডিয়ান আৰ্মী আগবাঢ়ি আছিল। তাৰ মাজতে মেচখনত বড়োলেণ্ড এফ চি ০-১ গ'লত পিছ পৰাৰ পাছতে দৰ্শকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ।

ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনত দৰ্শকে চৰম উদ্ভণালিৰ সৃষ্টি কৰি খেল পথাৰলৈ পানী বটল, চকী আদি দলিয়াবলৈ আৰম্ভ কৰে। উল্লেখ্য যে, মেচখনত বড়োলেণ্ড এফ চি ইণ্ডিয়ান আৰ্মীৰ হাতত ১-২ গ'লৰ ব্যৱধানত পৰাজিত হয়।

Also Read: শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....

কোকৰাঝাৰ ডুৰাণ্ড কাপ