/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3797565b-6e54-4235-9e6d-9004ce5ac5bf/4.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে শুকুৰবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত জল জীৱন মিছন আঁচনি অধীনত এটা পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৷ জলজীৱন মিছন আঁচনিৰ অধীনত ৬৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা নিমনাগড় গাঁও পঞ্চায়তৰ অধীনত বৰাইকচুক পানী যোগান আঁচনি গাঁৱবাসীৰ বাবে মুকলি কৰে ৷
জনস্বাস্থ্য কাৰিকৰী বিভাগ সোণাৰি সংমণ্ডলৰ অধীনত নিৰ্মাণ হোৱা এই আঁচনিখনৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় ৫০ টা পৰিয়ালে স্বাস্থ্যসন্মত খোৱা পানী লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। উক্ত কাৰ্য্যসূচীত জনস্বাস্থ্য কাৰিকৰী বিভাগ সোণাৰি সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Also Read: নগাঁও কলেজ (অট’নমাচ)ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ