মূলসুঁতিলৈ ঘূৰি অহা ২টাকৈ সশস্ত্ৰ সংগঠনৰ সদস্যক গাইগৰু আৰু চিলাই মেচিন বিতৰণ

মূলসুঁতিলৈ ঘূৰি অহা ২টাকৈ সশস্ত্ৰ সংগঠনৰ সদস্যক গাইগৰু আৰু চিলাই মেচিন বিতৰণ

ডিজিটেল সংবাদ, তামুলপুৰঃ সমৃদ্ধি আৰু মংগলৰ সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি অহা তামুলপুৰৰ ২ সশস্ত্ৰ সংগঠনৰ ইউ জি পি অ আৰু এন এল এফ বিৰ ২০০ গৰাকী প্ৰাক্তন কেডাৰৰ মাজত বৃহস্পতিবাৰে সমৃদ্ধি আৰু মংগলৰ কাৰণে আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ বিশেষ শাখা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পতঞ্জলী যোগ পীঠ ট্ৰাষ্টৰ দ্বাৰা বিনামূলীয়াকৈ ২০০টা উন্নত প্ৰজাতিৰ গৰু আৰু পৰিয়ালৰ মহিলা সদস্যলৈ চিলাই মেচিন বিতৰন কৰে৷

তামুলপুৰ জিলাৰ বেলখুঁটিস্থিত পতঞ্জলী যোগপীঠ ট্ৰাষ্ট চৌহদত অৱস্থিত চাৰ্যকুলম, কুমাৰীকাটাৰ অধ্যক্ষ নজৰ বসুমতাৰীয়ে আঁঁতধৰা গাইগৰু-চিলাই মেচিন বিতৰণ অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ পতঞ্জলী যোগপীঠ ট্ৰাষ্টৰ মুখ্য প্ৰশাসনিক স্বাধ্বী দেৱস্বৰুপ মাতাজীয়ে আদৰণি ভাষণ ৰাখে ৷ অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক হীৰেন চন্দ্ৰ নাথে মুখ্য অতিথিৰ আসন গ্ৰহন কৰি কয় যে সমাজ এখন সুস্থ সবল হৈ থাকিলেহে দেশ এখন সমৃদ্ধিশালী হৈ থাকিব ৷

আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে পুনৰ কয় যে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূলসুঁতিলৈ ঘূৰি অহা প্ৰাক্তন কেডাৰ সকলৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গৰ সংস্থাপনৰ বাবে এই উন্নত প্ৰজাতিৰ গাইগৰু আৰু চিলাই মেচিন প্ৰদান কৰা হৈছে। বিপথে পৰিচালিত হৈ মূলসুঁতিলৈ ঘূৰি অহা এই কেডাৰ সকলৰ পৰিয়ালে গাইগৰু আৰু চিলাই মেচিনৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

বৃহস্পতিবাৰৰ অনুষ্ঠানত সশস্ত্ৰ সংগঠনৰ ক্ৰমে ইউ জি পি অৰ ৰ অধ্যক্ষ সুৰজ ঘিমিৰে আৰু এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰ, সমাজকৰ্মী ওম প্ৰকাশ খান্দেল ওৱালেও সাৰুৱা ভাষণ প্ৰদান কৰে। তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱ, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাসৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।

অসম আৰক্ষীৰ বিশেষ শাখা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পতঞ্জলী যোগ পীঠৰ সহযোগত সমৃদ্ধি আৰু মংগলৰ বাবে পতঞ্জলীৰ গাই গৰুৱে প্ৰাক্তন কেডাৰসকলৰ সংস্থাপনৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব।

মূলসুঁতিলৈ ঘূৰি অহা ২টাকৈ সশস্ত্ৰ সংগঠনৰ সদস্যক গাইগৰু আৰু চিলাই মেচিন বিতৰণ
ছাত্ৰীৰ বাবে ২% 'ঋতুস্ৰাৱৰ ছুটী'ৰ অনুমোদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in