ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ বাৱে এক সুখবৰ...

ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ বাৱে এক সুখবৰ...
ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ বাৱে এক সুখবৰ...

ডিজিটেল সংবাদ চিৰাং: অসমৰ অন্যান্য চৰকাৰী চিকিৎসালয়সমূহত  ডায়ালাইচিছ ক্লিনিকৰ সেৱা আৰম্ভ কৰাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন আৰু এপল' হস্পিতাল এন্টাৰপ্ৰাইজ লিমিটেডৰ সহযোগত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালাইচিছ আচঁনিৰ অধীনত চিৰাঙৰ কাজলগাঁওস্থিত জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয়ত ডাইলাইচিছ ক্লিনিক ইউনিটৰ শুভ উদ্বোধন কৰা হয় ।

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ ৰেহেণা বেগমসহ অন্যান্য চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ উপস্থিতিত কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ ডাইলাইচিছ ইউনিটৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

উদ্বোধন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, ইমান দিনে চিৰাঙৰ লোক সকলে নিজৰ পকেটৰ ধন খৰচ কৰি ডাইলাইচিছ কৰাৰ কাৰণে বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত নাইবা গুৱাহাটীলৈ যাব লগীয়া হৈছিল। কিন্তু ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন আৰু বেচৰকাৰী সংস্থা এপল' হস্পিতালৰ সহযোগত পি পি পি মডেলৰ আধাৰত কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত এই ডাইলাইচিছ ইউনিট হোৱাৰ পিছত চিৰাং জিলাৰ লগতে পাৰ্শ্বৱৰ্তী জিলাৰ ৰোগীসকল উপকৃত হ'ব বুলি আশা কৰে ।

ইয়াৰ আগতে অসমত এনেধৰনৰ ডাইলাইচিছ ক্লিনিক ইউনিটৰ সংখ্যা আছিল ৩৪ আৰু আজি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়খনক লৈ অসমত মুঠ ৩৫ খন চিকিৎসালয়ত এপল' হস্পিতাল এন্টাৰপ্ৰাইজ লিমিটেডৰ সহযোগত ডাইলাইচিছ ক্লিনিক ইউনিটত স্বাস্থ্য সেৱা আগবঢ়াই থকা হৈছে বুলি জানিবলৈ দিয়ে ।

মুঠ পাঁচখন বিচনাযুক্ত কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ এই ডাইলাইচিছ ক্লিনিক ইউনিটত প্ৰতিদিনে ১৫ জনকৈ ৰোগীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ ডাইলাইচিছ সেৱা গ্ৰহণ কৰিব পাৰিব বুলি এপল' হস্পিতাল এন্টাৰপ্ৰাইজ লিমিটেড কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ বাৱে এক সুখবৰ...
প্ৰাপ্যৰ পৰা বঞ্চিত গভৰ্নৰ বালিকা ভলীবল মাষ্টাৰ ট্ৰেইনাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in