প্ৰাপ্যৰ পৰা বঞ্চিত গভৰ্নৰ বালিকা ভলীবল মাষ্টাৰ ট্ৰেইনাৰ...

প্ৰাপ্যৰ পৰা বঞ্চিত গভৰ্নৰ বালিকা ভলীবল মাষ্টাৰ ট্ৰেইনাৰ...
প্ৰাপ্যৰ পৰা বঞ্চিত গভৰ্নৰ বালিকা ভলীবল মাষ্টাৰ ট্ৰেইনাৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰীসকলক ভলীবলৰ প্ৰতি আগ্ৰহী কৰি সুপ্ত প্ৰতিভা বিকশিত কৰাৰ এক সাৰ্বজনীন মঞ্চৰ সপোন দেখিছিল তদানীন্তন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে ।  আনুষ্ঠানিক শিক্ষাৰ লগতে ছাত্ৰীসকলক ভলীবলৰ উন্নত প্ৰশিক্ষণ প্ৰদান কৰি ৰাজ্যিক আৰু  ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জীৱিত কৰাৰ এই সময়োপযোগী পদক্ষেপক কাৰ্যকৰী কৰাৰ লক্ষ্যৰে ২০২২ চনৰ ১৮ এপ্ৰিলৰ পৰা গভৰ্নৰ গাৰ্লছ ভলীবল অভিযান আৰম্ভ কৰা হৈছিল।

এই লক্ষ্যৰে ৰাজ্যখনৰ মুঠ ৩৩ খন জিলাৰ ৫ হাজাৰ ৪৩৫ খন বিদ্যালয়ৰ ৫৬ হাজাৰ ২০৯ গৰাকী ছাত্ৰীক গুণগত ভলীবল খেলৰ উৎকৃষ্ট প্ৰশিক্ষণ প্ৰদানৰ বাবে ১ হাজাৰ ৩৫০ গৰাকী উচ্চ প্ৰশিক্ষিত মাষ্টাৰ ট্ৰেইনাৰক নিযুক্তি দিয়া হৈছিল সংশ্লিষ্ট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ জৰিয়তে। সেই অনুক্ৰমে ছাত্ৰীসকলৰ ক্ৰীড়া প্ৰতিভা বিকশিত কৰাত নিৰবিছিন্ন প্ৰয়াস অব্যাহত ৰাখি সীমাহীন সমস্যা অতিক্রমী ৰাজ্যখনৰ নিযুক্ত মাষ্টাৰ ট্ৰেইনাৰসকলে উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি জিলা ,মণ্ডল আৰু ৰাজ্যিক স্তৰৰ পাৰদৰ্শী খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ।

বিদ্যালয়সমূহত ভলীবলৰ পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ স্বত্তেও নিজস্ব গাঁঠিৰ ধন ভাঙি ক্ৰীড়া প্ৰতিভা বিকশিত কৰাত অবিৰাম চেষ্টা চলাই অহা এইসকল সুনিপুন ক্ৰীড়াবিদ তথা মাষ্টাৰ ট্ৰেইনাৰৰ অৱদানৰ প্ৰতি যথোচিত মূল্যায়ন নকৰি চৰকাৰী ভাবে চূড়ান্ত অবিচাৰ, প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। শনিবাৰে ৰাজ্যখনৰ একাংশ এনে প্ৰবঞ্চিত মাষ্টাৰ ট্ৰেইনাৰ ঐক্যবদ্ধ হৈ ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে।

মাজুলীৰ দুলাল বৰা, দিলীপ কুমাৰ কুটুম, ঢকুৱাখনাৰ প্ৰণৱ বুঢ়াগোহাঁই , জানমনি চমুৱা আৰু বিভিন্ন জিলাৰ গভৰ্নৰ গাৰ্লছ ভলীবল অভিযানত নিযুক্ত অৰ্ধ শতাধিক প্ৰাপ্য বঞ্চিত মাষ্টাৰ ট্ৰেইনাৰ উপস্থিত থকা সংবাদমেলত চৰকাৰী নীতি নিৰ্দেশনা মানি এই সেৱা ক্ৰুটি নকৰাকৈ সম্পন্ন কৰাৰ পাছতো চৰকাৰী ভাবে নিৰ্ধাৰিত মাহিলি পৰিতোষিকৰ পৰা মাহ মাহ ধৰি বঞ্চিত হৈ থকাত গভীৰ ক্ষোভ প্ৰকাশ কৰে। 

প্ৰতিভাধৰ মাষ্টাৰ ট্ৰেইনাৰ সকলে অভিযোগ কৰা মতে বিগত তিনিটা মাহ নিৰন্তৰ সেৱা আগবঢ়োৱাৰ পৰৱৰ্তী সময়ত চৰকাৰী ভাবে প্ৰদান কৰিবলগীয়া নিয়মীয়া মাহিলি পাৰিতোষিকৰ পৰা বঞ্চিত হৈ আহিছে । ৰাজ্যখনৰ একাংশ এনে ট্ৰেইনাৰক মাত্ৰ এমাহৰ পাৰিতোষিক হিচাবে ৫ হাজাৰ টকা ১১ মাহৰ পাছত আদায় দিছে যদিও বাকী কাৰ্যকালৰ পাৰিতোষিক অদ্যপি লাভ কৰা নাই ।

তাৰোপৰি অভিযানৰ ধাৰাবাহিকতা ৰক্ষাটো ব্যাপক অনিশ্চয়তাই আহি পৰা বুলি আশংকা ব্যক্ত কৰে । গ্ৰামাঞ্চলিয় চৰকাৰী বিদ্যালয়ৰসমূহত গুণগত ক্ৰীড়া পৰিবেশ সৃষ্টিৰ বৰেণ্য অৱদান আগবঢ়াই ক্ৰীড়াক ছাত্ৰীসকলৰ জীৱনৰ জীৱিকা হিচাবে আদৰি লোৱাৰ এক ব্যতিক্ৰমী ধাৰা সৃষ্টিত ব্যাপক সফলতা অৰ্জন কৰা এই অভিযানত জড়িত এইসকল মাষ্টাৰ ট্ৰেইনাৰৰ দাবী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গ্ৰহণ কৰক বিশেষ ইতিবাচক তৎপৰতা ।

লগতে মুখ্যমন্ত্ৰী গৰাকীক প্ৰাপ্য বঞ্চিত এইসকল ক্ৰীড়া প্ৰশিক্ষকৰ অনাদায় প্ৰাপ্য পাৰিতোষিক শীঘ্ৰে আদায় দিয়াৰ কার্যব্যৱস্থা গ্ৰহণ কৰি অভিযান নিয়মীয়া কৰাত গুৰুত্ব আৰোপ কৰাৰ বাবে সংবাদমেলত আহ্বান জনোৱা হয় । তাৰোপৰি নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াকো ৰাজ্যখনৰ সৰ্বোচ্চ সাংবিধানিক পদমৰ্যাদা বিজড়িত এই অভিযানৰ ধাৰাবাহিকতা অটুট ৰাখি প্ৰশিক্ষকসকলৰ নিযুক্তি নিয়মীয়াকৰণ কৰি মহিলা সৱলীকৰণৰ ধাৰা ক্ষীপ্ৰতৰ কৰাত মনোনিবেশ কৰাৰ বাবে আহ্বান জনাইছে ।

প্ৰাপ্যৰ পৰা বঞ্চিত গভৰ্নৰ বালিকা ভলীবল মাষ্টাৰ ট্ৰেইনাৰ...
'বিৰোধী কণ্ঠ অখিল গগৈক বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰক'- বুদ্ধিজীৱি, ৰাজনীতিক, সাংস্কৃতিক কৰ্মীৰ আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in