কোকৰাঝাৰৰ ৰাম মন্দিৰত ভক্তিমূলক পৰিৱেশ

কোকৰাঝাৰৰ ৰাম মন্দিৰত ভক্তিমূলক পৰিৱেশ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : ১৯৭০ চনতে কোকৰাঝাৰৰ ভোগ আমগুৰীত স্থাপিত হোৱা ঐতিহাসিক ৰাম মন্দিৰত এতিয়া ভক্তিমূলক পৰিৱেশে বিৰাজ কৰিছে । ২২ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হ'ব প্ৰভু ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী।

আৰএচএচৰ ৰাষ্ট্ৰীয় সংযোজক প্ৰদীপনজীৰ উপস্থিতিত কাইলৈ পূজা-অৰ্চনা , ভজন -নামকীৰ্তন কৰা হ'ব । ইয়াৰোপৰি ৰাম মন্দিৰ প্ৰাংগনত অযোধ্যাৰ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা অনুষ্ঠানৰ লাইভ দেখুওৱা হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে সদৰি কৰিছে । কাইলৈ সকলো ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ৰাম মন্দিৰ পৰিচালনা সমিতিয়ে ।

কোকৰাঝাৰৰ ৰাম মন্দিৰত ভক্তিমূলক পৰিৱেশ
ক্ষমা বিচাৰিলে গোলাঘাটৰ ছাত্ৰনেতা গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈয়ে
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in