ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ হাবিৰ মাজত আজি উদ্ধাৰ হৈছে এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহ চিপ লৈ থকা অৱস্থাত এডাল গছক উলমি আছে।
পৰ্বতঝোৰাৰ মহামায়া সংৰক্ষিত বনাঞ্চলৰ চুপাৰিঘাটৰ ঘন জংঘলৰ মাজত উদ্ধাৰ হোৱা এই মৃতদেহক লৈ ৰহস্যৰ সৃষ্টি হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
উদ্ধাৰ হোৱা মৃতদেহ থুৰীয়া পাহাৰৰ আব্দুল মতিন ফকীৰ বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে যোৱা ২০ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল আব্দুল।
মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ঘটনাস্থলীত দণ্ডাধীশৰ সৈতে উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্ততহে এয়া প্ৰকৃততে আত্মহত্যা নে আন কিবা সেয়া জানিব পৰা যাব।