অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱসৰ দিন সলনি

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱসৰ দিন সলনি

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱসৰ দিন সলনি

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ দিন সলনি কৰা হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সলনি কৰা হৈছে দিৱসৰ কাৰ্যসূচীসমূহ। এই উপলক্ষে দেওবাৰে দিনৰ ১১-৩০ বজাত ওদালগুৰি সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় কেন্দ্ৰীয় সাহিত্য দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আদৰণি সমিতিৰ এখনি সাধাৰণ সভা।

Advertisment

আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি গৌতম জ্যোতি তালুকদাৰৰ সভাপতিত্বত আয়োজিত সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা। তেওঁ নিজৰ ভাষণ প্ৰসঙ্গত আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই কেন্দ্ৰীয় সাহিত্য দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী ২৬, ২৭ আৰু ২৮ মাৰ্চৰ পৰিৱৰ্তে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষৰ ৭, ৮ আৰু ৯ চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

প্ৰধান সম্পাদকগৰাকীয়ে প্ৰতিখন উপসমিতিকে অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহযোগিতা কামনা কৰে। তেওঁ লগতে অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ অধীনস্থ এবছৰীয়া অসমীয়া ভাষা শিক্ষা পাঠ্যক্ৰমৰ প্ৰশংসা কৰি সকলোকে সাধ্যানুসাৰে এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আহ্বান জনায়। আজিৰ এই সভাতে বিগত বৰ্ষত ওদালগুৰি কেন্দ্ৰৰ পৰা উক্ত পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ প্ৰদান কৰে।

আজিৰ এই সভাত আদৰণি সমিতিৰ সভাপতি তথা বিটিচিৰ কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক অখিল কলিতা, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড° বিপিন চন্দ্ৰ কলিতা, জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ ডেকা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি-সম্পাদককে প্ৰমূখ্য কৰি আদৰণি সমিতিৰ বিষয়বৱীয়াসকল উপস্থিত থাকি নিজৰ মতামত দাঙি ধৰে।

Also Read: তিনি বছৰৰ পূৰ্বে হৈছিল অপহৰণ! অৰুণাচলৰ পৰা কিশোৰক উদ্ধাৰ আৰক্ষীৰ