/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ff9fc770-a31b-44d5-bb61-13f7af859b55/cylinder_14.jpg)
চিৰাঙৰ বিজনীৰ দংশিয়াপাৰাত চিলিণ্ডাৰ বিস্ফোৰণ...
ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ১ নং দংশিয়াপাৰাত আজি চিলিণ্ডাৰ বিস্ফোৰণ হৈ এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গাওঁখনৰ নিৱাসী ৰমজান আলীৰ বাসভৱনত এই চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হয়।
জানিব পৰা মতে ৰমজান আলীৰ পৰিয়ালে ৰান্ধনী গৃহত গাখীৰ গৰম কৰি বাহিৰলৈ ওলাই অহাৰ পিছতে চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। ফলত ৰমজান আলীৰ তিনিটা বাসগৃহত অগ্নি সংযোগ হৈ ভস্মীভূত হয় ।
অগ্নিকাণ্ডৰ খবৰ লাভ কৰি বিজনীৰ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে যদিও অগ্নিকাণ্ডত ৰমজান আলীৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
ইফালে চিলিণ্ডাৰ বিস্ফোৰণত ৰমজান আলীৰ ভাতৃ তথা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ মহিদুল ইছলাম আহত হয়। আহত মহিদুল ইছলামক বল্লামগুৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।
Also Read: ফাট বিহু চাবলৈ আহি যুৱকৰ অকাল বিয়োগ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us