ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত বন ধ্বংস..

ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত বন ধ্বংস..

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত  অব্যাহত বন ধ্বংস..

ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত অব্যাহত বন ধ্বংস..

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চল এলেকা অবৈধ দখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত উচ্ছেদিত তথাকথিত বনগাঁৱত বনমাফিয়াৰ বনধ্বংস কাৰ্য্য অধিক তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে । সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি প্ৰতিদিনে বৃহৎ আকাৰৰ মূল্যবান গছ-গছনি কাটি চোৰাং কাঠৰ সৰবৰাহ অব্যাহত ৰাখিছে ।

Advertisment

আজিও চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ দাউজেং গুনটুং এলেকাৰ পৰা এছ এছ বি আৰু বনবিভাগৰ লোকে যৌথ অভিযান চলাই ২০ লক্ষাধিক টকা মূল্যৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে । এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ বনসুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৬ নং বেটেলিয়ানৰ এটা দলে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

এই সংক্ৰান্তত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা কাৰণ অভিযানকাৰী দলৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠ মাফিয়াৰ দল ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি বনবিভাগৰ লোকে জানিবলৈ দিয়ে । আজি জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা হ'ব বুলি বনবিভাগৰ লোকে সদৰি কৰে ।

জব্দ কৰা চোৰাং কাঠখিনি বৰ্তমান খুংগ্ৰীং বনবিভাগৰ কাৰ্যালয়লৈ অনা হৈছে । ইপিনে বনবিভাগৰ লোকে বনধ্বংসকাৰী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি দাবী কৰাৰ পিছতো বিগত দিনবোৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠ কঢ়িয়াই লৈ যোৱাৰ সময়ত জব্দ কৰা আৰু বনধ্বংস কাৰ্য্যৰ সৈতে জড়িত এজন অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰা বিষয়টো চিৰাং বনবিভাগৰ চৰম বিফলতা বুলি গণ্য কৰা হৈছে।

যাৰ কাৰণে সময় থাকোতেই এই বনধ্বংস কাৰ্য্যৰ সৈতে জড়িত বনমাফিয়া সকলক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী কৰিছে প্ৰকৃতিপ্ৰেমী দল সংগঠনে ।

Also Read: আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ তৃতীয় দিনঃ শিক্ষামন্ত্ৰীৰ কেইবাটাও ঘোষণা...

বন বিভাগ চিৰাং