
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আজি তৃতীয় দিন। আজি তৃতীয়দিনাও উদুলি মুদুলি হৈ পৰে বিশ্ববিদ্যালয় চৌহদ।
বি টি আৰৰ বিভিন্ন এলেকাৰ পৰা ছাত্ৰ -ছাত্ৰী, শিক্ষক , শিক্ষাৰ্থী, অভিভাৱক , গৱেষক, সমল ব্যক্তি আদিকে ধৰি হাজাৰ হাজাৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰি জ্ঞান মহোৎসৱথলী উজ্জীৱিত কৰি তোলে । ইপিনে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত উপস্থিত হৈ এক বিশাল সভাত অংশগ্ৰহণ কৰে ।
বি টি আৰ এলেকাৰ সমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষক,সহ-শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি , বি টি আৰ এলেকাৰ শিক্ষা বিষয়াসকল উপস্থিত থকা উক্ত সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জ্ঞান মহোৎসৱৰ ভূয়সী প্ৰশংসা কৰি জ্ঞানেই ক্ষমতা বুলি উল্লেখ কৰে । শিক্ষা অন্বেষণৰ বাবে জ্ঞান মহোৎসৱে নতুন দিশৰ সূচনা কৰিব বুলি উল্লেখ কৰি ৰণোজ পেগুৱে কয় যে, অসমৰ শিক্ষাৰ বাতাবৰণ সলনি হৈছে আৰু সদ্যহতে উচ্চ শিক্ষাক অধিক গুৰুত্ব দিয়া হৈছে ।
তেওঁ জনজাতীয় অঞ্চলত শিক্ষাৰ ফলাফল সন্তোষজনক নহয় বুলি উল্লেখ কৰে । জ্ঞান সমৃদ্ধ উজ্বীৱিত সমাজ গঢ়াই নতুন শিক্ষানীতিৰ মূল উদ্দেশ্যে বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা ব্যৱস্থাটো চাকৰি বিচৰা হৈছে , আমি চাকৰি দিব পৰা এটা ব্যৱস্থা গঢ় দিব লাগিব ।
ৰণোজ পেগুৱে এইবুলিও কয় যে, মাতৃভাষা মাধ্যম সকলোৰে প্ৰিয় । মাতৃভাষা মাধ্যমত শিক্ষাদান হ'ব লাগে । কিন্তু মাতৃভাষাৰ বাহিৰে আন যিমান ভাষা জানিব সিমানে অগ্ৰাধিকাৰ পায় । ভাষাক আৱেগিক দৃষ্টিভঙ্গীৰে নাচাই অতিৰিক্ত অৰ্হতা হিচাপে চালে ভাল । ছাত্ৰ -ছাত্ৰী , শিক্ষক নাথাকিলে বিদ্যালয়ো নাথাকিব আৰু সেয়েহে অৰ্হতাসম্পন্ন ব্যক্তিক হে শিক্ষক নিযুক্তি দিব লাগে।
২০১২ চনৰ পৰা টেট আৰম্ভণিৰ পিছতে শিক্ষা ব্যৱস্থাটো উন্নত হৈছে। অচিৰেই টেট অনুষ্ঠিত কৰা হ'ব বুলিও সদৰি কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে । তদুপৰি ৫০০ খন বিদ্যালয়ৰ পুণৰ নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰি অহা শিক্ষাবৰ্ষত ৰিমচ্ এপৰ কাৰ্যকাৰীকৰণৰ বাবে ৫০ হাজাৰ টেবলেট দিয়া হ'ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে ।
আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত প্ৰশ্ন ফাদিল হোৱাৰ কোনো তথ্য প্ৰমান নাই বুলি উল্লেখ কৰি মেট্ৰিক পৰীক্ষা সময়মতে অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে । আনহাতে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰা ভাৰত, ইৰাণ আৰু ভূটানত ম্যানমাৰৰ ৰাষ্ট্ৰদূত মো য়ং হাঙে ম্যানমাৰত থকা সুযোগসমূহ অন্বেষণ কৰিবলৈ বি টি আৰ আৰু অসমৰ ব্যৱসায়িক গোষ্ঠীসমূহক ভ্ৰাতৃত্ববোধেৰে আহ্বান জনাইছে।
ম্যানমাৰ বিশেষকৈ ম্যানমাৰৰ পশ্চিম অংশ আৰু উত্তৰ-পূব ভাৰতৰ মাজত থকা সাদৃশ্যৰ বিষয়ে ব্যাখ্যা কৰি মো য়ং হাঙে ইংগিত দিয়ে যে, অঞ্চলটোত শ্ৰীবৃদ্ধিৰ বিশাল পৰিসৰ আছে। সমগ্ৰ অঞ্চলটো দৃশ্যপটৰ সৌন্দৰ্য্য, চহকী জৈৱ-বৈচিত্ৰ্য আৰু বিৰল বন্যপ্ৰাণী, সুকীয়া ঐতিহাসিক আৰু সাংস্কৃতিক স্থান আৰু জনগোষ্ঠীয় ঐতিহ্যৰে ধন্য।
মনোমোহা দৃশ্যপট, সেউজময় পৰিৱেশ আৰু আপুৰুগীয়া প্ৰাণীৰে ভৰপুৰ অঞ্চলটো মহানগৰীয়া জীৱনৰ হুলস্থুলৰ পৰা আঁতৰি আহিবলৈ শান্ত পৰিৱেশ বিচৰা ভ্ৰমণকাৰীসকলৰ বাবে এক উত্তম আশ্ৰয়স্থল। ইয়াৰ উপৰিও পৰ্বতাৰোহণ, ট্ৰেকিং, দুঃসাহসিক ক্ৰীড়া আৰু গ’ল্ফৰ বাবে বিশাল পৰিসৰ আছে বুলি মো য়ং হাঙে মন্তব্য কৰে ।
তদুপৰি যদি ভালদৰে বিকশিত আৰু প্ৰচাৰ কৰা হয়, তেন্তে ডাঙৰ নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি দুয়োখন চুবুৰীয়া দেশৰ মাজত বহুখণ্ডীয় সহযোগিতাৰ এক শক্তিশালী সম্ভাৱনা আছে বুলি মন্তব্য কৰে মো য়ং হাঙে। কালাদান মাল্টি মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্প আৰু ভাৰত-ম্যানমাৰ-থাইলেণ্ড ঘাইপথ প্ৰকল্পৰ দৰে কামৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে, এইবোৰে অঞ্চলটোৰ ৰূপ সলনি কৰিব।
এই দুটা প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে এইবোৰে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে কৌশলগত সংযোগ প্ৰদান কৰাই নহয়, অঞ্চলটোৰ বাবেও বিপুলভাৱে লাভজনক হ’ব। মো য়ং হাঙে ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক ম্যানমাৰত শিক্ষা, স্বাস্থ্যসেৱা, ডিজিটেল প্ৰশিক্ষণ, দক্ষতা আৰু গৱেষণা আৰু বিনিয়োগৰ ক্ষেত্ৰত অধিক অন্বেষণ কৰিবলৈ আহ্বান জনাইছে।
আনহাতে অনুষ্ঠানত বি টি চি প্ৰধান প্ৰমোদ বড়োই জ্ঞান নহলে আগবাঢ়ি যাব নোৱাৰিম আৰু বিশ্বৰ সতে একেলগে আগুৱাই যাবলৈ হ'লে জ্ঞানৰ দৰকাৰ বুলি মন্তব্য কৰি ঋণাত্মক চিন্তাধাৰা বাদ দি ধনাত্মক চিন্তাধাৰাৰে সকলোকে আগুৱাই যাবলৈ আহ্বান জনাইছে। আজিৰ অনুষ্ঠানত হায়দাৰাবাদ বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ বিভাগৰ প্ৰফেছৰ খনীন গয়াৰী, চিকাগো বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ কিশোৰ কুমাৰ গয়াৰী, ইকোনমিকছ টাইমছৰ উপসম্পাদক শান্তনু নন্দন শৰ্মা, দি হিন্দু কাকতৰ উপসম্পাদক সঞ্জীৱ ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।