Advertisment

তামুলপুৰ প্ৰেছ ক্লাৱৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণিঃনতুন সমিতি গঠন...

তামুলপুৰ প্ৰেছ ক্লাৱৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণিঃনতুন সমিতি গঠন...

author-image
Asomiya Pratidin
New Update
তামুলপুৰ প্ৰেছ ক্লাৱৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণিঃনতুন সমিতি গঠন...

তামুলপুৰ প্ৰেছ ক্লাৱৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণিঃনতুন সমিতি গঠন...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ প্ৰেছ ক্লাৱৰ আজি নৱম দ্বি-বাৰ্ষিক অধিবেশনখন দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ন-বজাত প্ৰেছ ক্লাৱৰ সভাপতি আনন্দ ৰামচিয়াৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷

Advertisment

১০ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে বড়োলেণ্ড সাংবাদিক সন্থাৰ সাধাৰন সম্পাদক ৰমেন দাস, তামুলপুৰ জিলা সাংবাদিক সন্থাৰ সাধাৰন সম্পাদক উৎপল ডেকা আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সাধাৰন সম্পাদক গুনজিৎ দাসে। দিনৰ ১১ বজাত প্ৰেছ ক্লাৱৰ সভাগৃহত সভাপতি আনন্দ ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা।

সভাৰ আৰম্ভণিতে সাধাৰণ সম্পাদক গুনজিৎ দাসে উদেশ্য ব্যাখ্যা কৰি পাছত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি বাৰ্ষিক হিচাপ নিকাচ দাঙি ধৰে আৰু সম্পাদকৰ প্ৰতিবেদনখন সভাই পৰ্যলোচনা কৰাৰ অন্তত সৰ্বসন্মতভাৱে গৃহীত কৰে।

সভাত প্ৰেছ ক্লাৱৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত কেইবাগৰাকী জ্যেষ্ঠ কনিষ্ঠ সতীৰ্থ সাংবাদিকে বক্তব্য ৰাখে। সাংগঠনিক দিশত সক্ৰিয়তাৰে কাম কৰি তামুলপুৰৰ জনসাধাৰণৰ স্বাৰ্থ আগত ৰাখি ভৌগোলিক, শিক্ষা, স্বাস্থ্য, কৃষি আৰু আৰ্থসামাজিক দিশৰ উন্নয়নৰ হকে সংবাদ পৰিবেশন কৰাৰ লগতে ইতিবাচক ধ্যান ধাৰনাৰে আগন্তুক দিনত আগবাঢ়ি যোৱাৰ সংকল্পৰে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি সহমত প্ৰকাশ কৰে।

শেষত প্ৰেছ ক্লাৱৰ পুৰণি সমিতিখন আনুষ্ঠানিকভাৱে ভংগ কৰি উৎপল ডেকাক সভাপতি আৰু প্ৰসাদ দাসক সাধাৰন সম্পাদকৰ দায়িত্ব দি আগন্তুক দুবছৰৰ বাবে এখন নতুন সমিতি গঠন কৰা হয়। শেষত প্ৰাক্তন সভাপতি দীপক কুমাৰ পাঠক আৰু অন্যতম সদস্য তীৰ্থৰঞ্জন মহন্তই শুভেচ্ছামূলক বক্তব্য ৰাখে। সভাপতি আনন্দ ৰামচিয়াৰীয়ে সভাৰ শেষত সাৰুৱা ভাষন দি আগন্তুক দিনত তামুলপুৰ প্ৰেছ ক্লাৱৰ উত্তৰোত্তৰ কামনাৰে সভাৰ সামৰণি পেলায়।

Also Read: মণিপুৰ চৰকাৰে দিয়া নাই অনুমতিঃ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা...

তামুলপুৰ