চিৰাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা...

চিৰাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা...
চিৰাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা...

ডিজিটেল সংবাদ চিৰাং: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চিৰাং জিলা প্ৰশাসন আৰু দিশা এনজিঅ'ৰ সহযোগত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিদলী বিধানসভা ভিত্তিত দহদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ উদ্বোধন কৰা হয়। প্ৰায় শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মীৰ উপস্থিতিত বন্তি প্ৰজ্বলন আৰু দ্বাৰ উদ্ঘাটনৰ মাজেৰে দহদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ উদ্বোধন কৰে জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে ।

দিশা এনজিঅ'ৰ সভাপতি তথা সাংবাদিক জয়ন্ত দেবনাথে সঞ্চালনা কৰা কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে। বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই দহদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাত পৰম্পৰাগত লোকনৃত্য, নাট্যাভিনয়, চিত্ৰ আৰু শিল্পকলাৰ ওপৰত আমন্ত্ৰিত প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব ।

গ্ৰীষ্মকালীন বন্ধৰ সময়চোৱাত এই কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল বৌদ্ধিক বিকাশৰ সহায়ক হ'ব বুলি উপস্থিতি অতিথিসকলে ভাষণত উল্লেখ কৰে আৰু অসম চৰকাৰক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰে। বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই গ্ৰীষ্মকালীন কৰ্মশালাত বিভিন্ন বিদ্যালয়ৰ পৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰে।

উল্লেখ্য যে, চিৰাং জিলাৰ ভিৰহাংগাঁও হাইস্কুলতো জিলা প্ৰশাসন আৰু ছিফুং হাৰিমু আফাদৰ সহযোগত অনুৰূপ গ্ৰীষ্মকালীন কৰ্মশালাৰ উদ্বোধন কৰা হয় । ভিৰহাংগাঁও হাইস্কুলত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ উদ্বোধন কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে।

বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে, এই গ্ৰীষ্মকালীন কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক আমাৰ অসমৰ পৰম্পৰাগত নৃত্য গীতৰ সৈতে পৰিচয় কৰাই ভৱিষ্যতলৈ আমাৰ চহকী কলা সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন অসমখনক সকলো দিশত এক উন্নত ৰাজ্যলৈ গঢ় দিয়া, সেই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এইবোৰ কাৰ্য্যসূচীও তাৰে অংশ বিশেষ বুলি মন্তব্য কৰে ।

ইপিনে বিজনীতো দুটাকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে । বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে কৰ্মশালা দুটাৰ উদ্ধোধন কৰে ।

চিৰাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা...
জাগীৰোড শাখা আবৃত্তি পৰিষদ গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in