ডিজিটেল সংবাদ চিৰাং: বুধবাৰৰ পৰা নেৰেনেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি অহা নিজলা নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াত আজি পুৱাৰ ভাগত এনএইচপিচিৰ ভাৰত-ভূটান সংযোগী উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰ ভাগি নৈৰ বুকুত জাহ যায় । সৌভাগ্য ক্ৰমে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাৰ পৰিবাহী টাৱাৰ ভাগি পৰাৰ পিছতেই বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়াত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ।
কিন্তু এনএইচপিচিৰ এই বিদ্যুৎ পৰিবাহী টাৱাৰ ভাগি পৰাত দুয়োখন দেশৰ মাজত বিদ্যুত সৰবৰাহ ব্যাহত হৈ পৰে। খবৰ লাভ কৰি এনএইচপিচি কৰ্তৃপক্ষই যুদ্ধকালীন পৰিস্থিতিত মেৰামতিৰ কামত লাগি পৰিছে যদিও নিজলা নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াৰ কাৰণে কাম যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে, এনএইচপিচিয়ে এই টাৱাৰ লাইন যোগে ভূটানৰ পৰা জলবিদ্যুৎ ছালাকাটিস্থিত পাৱাৰগ্ৰীড ষ্টেচনত সৰবৰাহ কৰে। এনএইচপিচিৰ এই টাৱাৰ লাইন ভাগি পৰাৰ ফলত বিদ্যুতৰ সৰবৰাহ বন্ধ হোৱাত নামনি অসমৰ বিদ্যুতৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিব বুলি জানিব পৰা গৈছে।
ইপিনে যোৱা বছৰৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা-শান্তিপুৰ অঞ্চলত নিজলা নৈৰ বানপানীৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত হৈ বানপানীৰ দ্বাৰা ক্ষতিগ্রস্থ এলেকা পৰিদৰ্শন কৰি বাৰিষাৰ বতৰত ভূটানৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰা বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি গৈছিল কিন্তু মুখ্যমন্ত্ৰী যোৱাৰ পিছত আজিলৈকে এটা শিল পৰ্যন্ত এলেকাত পৰা নাই আনকি জলসম্পদ বিভাগৰ পৰা আজিলৈকে কোন এজন লোক অঞ্চলটোত আহি পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ।
প্ৰতিশ্ৰুতি অনুসৰি নিজলা নৈৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰাৰ বাবেই আজি কেইবাদিনৰ পৰা ধাৰাবাহিক গৰাখহনীয়াৰ কবলত পৰি এনএইচপিচিৰ বিদ্যুতৰ তাৰ পৰিবাহী টাৱাৰ ভাগি পৰিছে তদুপৰি নিজলা নৈৰ গৰাখহনীয়াৰ কৱলত পৰি প্ৰতিদিনে চপৰা চপৰে কৃষিভূমিৰ নিজলা নৈৰ বুকুত জাহ গৈ আছে স্থানীয় ৰাইজে অভিযোগ কৰে।
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত এই বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি যোৱা প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিবলৈ আহ্বান জনায়।