/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3e59ea74-fe72-461d-8e06-9f4bb421d85c/AP_FOR_WEB_chirang.jpg)
চিৰাঙত চাৰিদিনে বানপীড়িতই পোৱা নাই সাহাৰ্য্যঃ বঞ্চিত চিকিৎসা সেৱাৰ পৰা...
ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ আই আৰু নাঙলভাঙা নৈৰ বানপানী কৱলত পৰা কেইবাখনো গাঁৱৰ বানাক্ৰান্ত ৰাইজে চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে। চাৰি দিনে আই নৈ আৰু নাঙলভাঙা নৈৰ মাজত নদী দ্বীপ সদৃশ পৰিৱেশৰ মাজত একপ্ৰকাৰ আবদ্ধ হৈ পৰিছ বানাক্ৰান্ত ৰাইজ ।
দুৰ্ভগীয়া বানাক্ৰান্ত লোকসকলৰ খবৰ লবলৈ কোনো জনপ্ৰতিনিধি বা চৰকাৰী বিষয়া উপস্থিত হোৱা নাই বুলি অভিযোগ বানাক্ৰান্ত ৰাইজৰ। বিগত চাৰি দিনত জনপ্ৰতিনিধি বা চৰকাৰী বিষয়া গৈ নোপোৱা অঞ্চলটোৰ পৰা ৰাইজৰ দুখ দুৰ্দশাৰ বাতৰি সংগ্ৰহ কৰিবলৈ দুৰ্গম পথ আৰু নাৱৰে নৈ পাৰ হৈ বানগ্ৰস্ত লোকসকলৰ কাষত উপস্থিত হৈছিল এটা সাংবাদিকৰ দল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cba7772e-e1e7-4465-bf3e-9f32de5a7e3a/ccce3bc3_5bea_4226_9a38_916ac0b0d425.jpg)
সাংবাদিকৰ দলটোক স্থানীয় বানাক্ৰান্ত ৰাইজে জানিবলৈ দিয়া মতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি অহা পানীয়ে আই আৰু নাঙলভাঙা নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ সৃষ্টি হোৱা বানপানীত বেংতল ৰাজহচক্ৰৰ নৈ কাষৰীয়া মাদাৰপুৰ, নেপালপাৰা, বেচৰকৰী , নাঙলভাঙা গাৱঁত বিস্তৰ ক্ষতিসাধন কৰে । আই নৈৰ বাঢ়নী পানীয়ে গাঁৱৰ ১৬ টাকৈ পৰিয়ালৰ ৮ টা বাসগৃহ উটুৱাই লৈ যায় ।
যোৱা চাৰিদিনত মাদাৰপুৰ গাঁৱত মুঠ ১৫০ টা পৰিয়ালে বানপানীত আক্ৰান্ত হৈছে স্থানীয় ৰাইজে সদৰি কৰে । তাৰে ১৬ টা পৰিয়াল বিগত চাৰিদিন ধৰি মাদাৰপুৰ এল,পি, স্কুলত আশ্ৰয় লৈ আছে । প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভূগিব লগাত পৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d147651a-985c-4b52-9cba-a39b3cad2cfd/5143b489_03b2_43a0_9a55_4e59bd3d1d23.jpg)
আশ্ৰয় শিৱিৰত জিলা প্ৰশাসনৰ পৰা পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰা বা চিকিৎসা ব্যৱস্থা নকৰাৰ বাৱে দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে বুলি অভিযোগ ৰাইজৰ। আজি সাংবাদিকৰ দলে বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ সময়ত বেংতল ৰাজহচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা শৰ্মাসহএটা দল বানাক্ৰান্ত সকলৰ খা-খবৰ লবলৈ যোৱা পৰিলক্ষিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/67f5fce7-2296-428a-accf-d9cbb87bfd26/649e9bdb_1594_4e3a_b80b_08977d54dcb8.jpg)
বানাক্ৰান্ত ৰাইজৰ অভিযোগ সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ পৰা সদৰি কৰি কয় যে, এইকেইদিন আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ কাৰণে নাও চলাচল বন্ধ আছিল । যাৰ কাৰণে পৰ্য্যাপ্ত পৰিমাণৰ চৰকাৰী বান সাহাৰ্য্য যোগান দিব পৰা নাছিল যদিও এতিয়া নৈৰ জলস্তৰ কিছু নিম্নগামী হোৱাত বান সাহাৰ্য্যৰ লগতে চিকিৎসকৰ দল উক্ত বানগ্ৰস্থ এলেকালৈ পঠিওৱা হ'ব।
Also Read: জাগীৰোড শাখা আবৃত্তি পৰিষদ গঠন...