কোকৰাঝাৰত মটৰচাইকেলৰ খুন্দাত শিশুৰ মৃত্যু

বিদ্যালয়খনৰ প্ৰধান কৈলাশ ৰায়ে কণমানি ছাত্ৰজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰে ।
কোকৰাঝাৰত মটৰচাইকেলৰ খুন্দাত শিশুৰ মৃত্যু

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰৰ বালাজান তিনিআলিৰ লাউৰিপাৰাত শুকুৰবাৰে পুৱা প্ৰায় ১১-০০ বজাত মটৰচাইকেলৰ খুন্দাত এগৰাকী "ক" শ্ৰেণীৰ ছাত্ৰ নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নিহত ছাত্ৰজনক ৩৮৭ নং হাইজ্ৰাইগুৰী প্ৰাথমিক বিদ্যালয়ৰ "ক" শ্ৰেণীৰ ছাত্ৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ৩৮৭ নং হাইজ্ৰাইগুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত কনমানিজনে ককাকৰ সতে বালাজান তিনিআলি বজাৰলৈ আহিছিল। বজাৰ-সমাৰ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে লাউৰিপাৰা চ'কত মটৰচাইকেল (এ এছ ২৮- ডি ৩৬২৭)খনে কণমানিজনক খুন্দা মৰাত শিশুটি মূৰত গুৰুতৰভাৱে আঘাত পায়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে মটৰচাইকেলখন ইতিমধ্যে জব্দ কৰিছে । উক্ত ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে আৰু শনিবাৰে ছাত্ৰজন পঢ়া বিদ্যালয়ত শোকসভা অনুষ্ঠিত কৰা হয়।

বিদ্যালয়খনৰ প্ৰধান কৈলাশ ৰায়ে কণমানি ছাত্ৰজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰে ।

কোকৰাঝাৰত মটৰচাইকেলৰ খুন্দাত শিশুৰ মৃত্যু
বৰমাত চাইকেল ৰেলীৰে আছুৰ তীব্ৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in