বৰমাত চাইকেল ৰেলীৰে আছুৰ তীব্ৰ প্ৰতিবাদ

শিক্ষা বিভাগ হায় হায়,শিক্ষা মন্ত্ৰী মুৰ্দাবাদ,আছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে বৰমাৰ আকাশ- বতাহ কপাই তোলে।

author-image
Asomiya Pratidin
New Update
বৰমাত চাইকেল ৰেলীৰে আছুৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,বাক্সা : অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ অব্যাহত আছে। সমান্তৰালকৈ শনিবাৰে বৰমা আঞ্চলিক ছাত্ৰ সন্থাই বৰমাত এক বৃহৎ চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি উল্লেখ কৰি অতি শীঘ্ৰে এই হঠকাৰি সিদ্ধান্ত বাতিলৰ দাবী তোলে ছাত্ৰ সংগঠনটোৱে। প্ৰতিবাদী লোকসকলে হাতে হাতে প্লে'কাৰ্ড লৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বিৰোধী সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমৰ পটভূমি অশ্ৰদ্ধা নকৰিব, শিক্ষা বিভাগ হায় হায় , শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, আছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে বৰমাৰ আকাশ-বতাহ কপাই তোলে।

Also Read: পথৰুঘাট কৃষক শ্বহীদ দিৱসৰ বিশেষ প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপণী উন্মোচন অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী

barama ALL ASSAM STUDENT UNION protest aasu