/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/76fcff4a-0717-44ec-b931-c3ca86f9c59e/537.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিৱেশন। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভূটীয়াপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিৱেশনখন।
বুধবাৰৰ পৰা অনুষ্ঠিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিবেশনৰ প্ৰথম দিনাখনেই উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী, ডেকা-গাভৰু সকলোৱে।
প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য তোৰণ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক মুৰুলীধৰ মেধিয়ে । সংগঠনৰ পতাকা উত্তোলন কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লক্ষণ নাথে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/04b11fe3-c35f-4c58-9210-79ae90b257bd/23b6f8fa_c7e2_4cba_9e00_452190b2deba.jpg)
সাংস্কৃতিক পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ ছহিদ তৰ্পন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে । ইয়াৰ পিছতে যোগী গুৰু গৰোক্ষ নাথৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ আগবঢ়ায় বেদ ব্যৱস্থাপক দ্বিজেন গোস্বামীয়ে আৰু বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক ধনঞ্জয় নাথে ৷
দুপৰীয়া ১২-০০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি বকুল নাথে আৰু বিয়লী ২-০০ বজাৰ পৰা নাথ যোগী কৃষ্টি - সংস্কৃতি সমাৰোহ অনুষ্ঠিত হয় ৷ ইপিনে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয়- নাথ যোগী জনগোষ্ঠীটোৰ কাৰণে এই অধিৱেশনখন ঐতিহাসিক হিচাপে চিহ্নিত হৈ ৰ'ব।
জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ সতে অনুষ্ঠিত হোৱা আলাপ আলোচনাৰ প্ৰতিশ্ৰুতি ৰূপায়ন নহ'ল । ইয়াৰ প্ৰতিফলন ২০২৪ চনৰ নিৰ্বাচনত দেখিবলৈ পাব । এই অধিৱেশনত জনগোষ্ঠীটোৰ শৈক্ষিক, ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বুলি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0c1edb69-7a4e-4e20-8bca-4a0b59b48b1d/9a3b8212_a131_43f4_99cc_482caa6f934b.jpg)
আনহাতে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে অধিৱেশনত সকলোৰে উপস্থিতি- সহযোগিতা কামনা কৰি অধিৱেশনৰ সফলতা কামনা কৰিছে ।উল্লেখ্য যে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশনত অসমসহ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আলহী - প্ৰতিনিধিক আপ্যায়নৰ বাবে খেলপথাৰতে নিৰ্মাণ কৰা নাথ-যোগী গাঁৱৰ বাকৰিত গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে পিঠাগুড়ি খুন্দিছে আৰু বিভিন্ন ধৰণৰ পিঠা বনোৱা পৰিলক্ষিত হৈছে।
তদুপৰি ৭০০০ নাথ-যোগী নাচনীৰ দ্বাৰা নাথ-যোগী কৃষ্টি প্ৰদৰ্শনৰ আখৰা চলিছে উদযাপনথলীতে । উল্লেখ্য যে, নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত অসমৰ উপৰি উত্তৰ প্ৰদেশ , মধ্যপ্ৰদেশ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3f1db87d-4261-4104-8899-4c92cd19f568/c366d9fc_53e1_42f5_add8_f0bb7a3c00e2.jpg)
ইপিনে সন্ধিয়া ৬-০০ বজাত নাথ-যোগীৰ এউৰি উৎসৱ আৰম্ভ হৈছে । খেলপথাৰতে নিৰ্মান কৰি উলিওৱা নাথ গাঁৱত এউৰি উৎসৱ আৰম্ভ হৈছে । অতি উলহ-মালহেৰে আৰম্ভ হোৱা এউৰি উৎসৱৰ পিছত নিশা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব ।
Also Read: ফুৰাবলৈ নিয়াৰ চলেৰে ধাবাত নাবালিকাক ধৰ্ষণ