ফুৰাবলৈ নিয়াৰ চলেৰে ধাবাত নাবালিকাক ধৰ্ষণ

উক্ত ঘটনাক এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইয়াৰোপৰি সভাপতিগৰাকীয়ে দোষীক অতি শীঘ্ৰে কৰায়ক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় ৷

author-image
Asomiya Pratidin
New Update
ফুৰাবলৈ নিয়াৰ চলেৰে ধাবাত নাবালিকাক ধৰ্ষণ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ছালেকাটি উপ আৰক্ষী চকী এলেকাৰ তিনিগৰাকী ১৫-১৬ বছৰীয়া নাবালিকা বৰদিনৰ দিনাখন ধৰ্ষণৰ বলি হোৱাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৱা ২৫ ডিচেম্বৰৰ দুপৰীয়া বঙাইগাঁও আৰু চিৰাং জিলাৰ ৩যুৱকে এখন বলেৰ’ গাড়ীৰে আহি ছালাকাটি বজাৰৰ পৰা একেলগে তিনিগৰাকী নাবালিকা তথা তিনি বান্ধৱীক বলেৰ’ গাড়ীত উঠাই বঙাইগাঁৱৰ দিশে ফুৰিবলৈ লৈ যায়।

Advertisment

ইয়াৰ পিছতে বঙাইগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ স্মাৰ্ট ধাবাত ভয়-ভাবুকি দেখুৱাই তিনি নাবালিকাক ধৰ্ষণ কৰাৰ কথা পোহৰলৈ আহিছে ৷ অপকৰ্ম সংঘটিত কৰাৰ পিছত নিশা ১০-০০ মান বজাত তিনিওগৰাকী নাবালিকাক ছালেকাটিৰ ওচৰৰ মুৰাবাৰী ৰে'লৱে গে'টৰ ওচৰত নমাই থৈ যায় ৷

কু-কৰ্মৰে জড়িত তিনি অভিযুক্ত ক্ৰমে চিৰাং জিলাৰ বৰতালোৱাৰ মিৰাজুল ইছলাম, বঙাইগাঁৱৰ বৰপথাৰৰ আকতাৰুল আহমেদ আৰু ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি কেউগৰাকী অভিযুক্তৰ লগতে উক্ত কাণ্ডৰে ব্যৱহৃত বলেৰ’ বাহনখনৰ চালক তথা চিৰাং জিলাৰ বৰতালোৱাৰ আয়নাল হ’ক পলাতক অৱস্থাত আছে ৷

ইপিনে ঘটনা সম্পৰ্কে ছালাকাটি, কাজলগাঁও আৰু বঙাইগাঁৱ সদৰ থানাত এজাহাৰ দাখিল কৰিবলৈ যোৱা সত্বেও কোনো ধৰণৰ সহাঁৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী নাবালিকা কেইগৰাকীৰ অভিভাৱকসকলে ৷ অৱশ্যে কোকৰাঝাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হস্থক্ষেপত মঙলবাৰে নিশা কোকৰাঝাৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ পঞ্জীয়নভুক্ত কৰা হৈছে ৷

উল্লেখ্য যে, উক্ত ঘটনাক এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইয়াৰোপৰি সভাপতিগৰাকীয়ে দোষীক অতি শীঘ্ৰে কৰায়ক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় ৷

Also Read: কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি

crime Dhaba kokrajhar Assam police kokrajhar police