নিৰ্বিচাৰে অসমীয়া যুৱকক গুলীওৱাৰ কাৰো অধিকাৰ নাই : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

কোকৰাঝাৰত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিৱেশনত উখল- মাখল পৰিৱেশ
নিৰ্বিচাৰে অসমীয়া যুৱকক গুলীওৱাৰ কাৰো অধিকাৰ নাই : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

ডিজিটেল সংবাদ,কোকৰাঝাৰ : "নিৰ্বিচাৰে অসমীয়া যুৱকক গুলীওৱাৰ কাৰো অধিকাৰ নাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে,সোধা-পোছা কৰিব পাৰে কিন্তু এতিয়া দেখা গৈছে যে, আৰক্ষীয়ে যুৱকক গ্ৰেপ্তাৰ কৰে আৰু আৰক্ষীৰ হাতৰ পৰা যুৱক ওলাই যোৱা বুলি আৰক্ষীয়ে গুলীচালনা কৰে। এয়া নৈত্যনৈমিত্তিক ঘটনাক পৰিণত হৈছে। অসম আৰক্ষীক আমি সুধিব বিচাৰিছোঁ যে, অসমত মুক্ত গুলীৰ ৰাজত্ব চলিছে নেকি" ? এই মন্তব্য প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

কোকৰাঝাৰৰ ভূটীয়াপাৰাত অনুষ্ঠিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচাৰ্য্যই। সাংবাদিকৰ আগত উক্ত মন্তব্য কৰি অসম আৰক্ষীৰ কাণ্ডক তীব্ৰ প্ৰতিক্ৰিয়া আৰু গৰিহণা প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বে মুখ্য অতিথিৰ ভাষণত নাথ-যোগীসকল কাহানিও অকলশৰীয়া নহয় বুলি মন্তব্য কৰি জনগোষ্ঠীটোৰ ত্যাগ আৰু কৰ্মৰাজীৰ শলাগ লয়। ইপিনে অনুষ্ঠানত উপস্থিত থকা এবছুৰ সভাপতি দ্বীপেন বড়োৱে নাথ-যোগীসকলৰ সতে হাতত হাত ধৰি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বড়ো আন্দোলনৰ পৰা আৰম্ভ কৰি বি এ চি , বি টি চি আৰু বি টি আৰ চুক্তিলৈকে নাথ-যোগী জনগোষ্ঠীয়ে সহযোগ কৰি অহা বুলি মন্তব্য কৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত মুকলি সভাৰ মঞ্চ মুকলি কৰে নাগৰা নাম পাঠিকা কৰিশ্মা নাথে। অনুষ্ঠানত অখিল ভাৰতীয় নাথ-যোগী সমাজৰ সভাপতি ৰাধেশ্যাম ভৰদ্বাজ , নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা,কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণ,সদৌ সূত্ৰধাৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধাৰ,সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ৰিমান চৰেন আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

নিৰ্বিচাৰে অসমীয়া যুৱকক গুলীওৱাৰ কাৰো অধিকাৰ নাই : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য
দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কাছাৰৰ জি পি সচিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in