বিটিচি প্ৰশাসনৰ চুপাৰ-৫০ তালিকাত স্থান প্ৰাপ্তক বিধায়ক জয়ন্ত বসুমতাৰীৰ শুভেচ্ছা...

বিটিচি প্ৰশাসনৰ চুপাৰ-৫০ তালিকাত স্থান প্ৰাপ্তক বিধায়ক জয়ন্ত বসুমতাৰীৰ শুভেচ্ছা...
বিটিচি প্ৰশাসনৰ চুপাৰ-৫০ তালিকাত স্থান প্ৰাপ্তক বিধায়ক জয়ন্ত বসুমতাৰীৰ শুভেচ্ছা...

ডিজিটেল সংবাদ চিৰাংঃ শিক্ষাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি চি প্ৰশাসনৰ অভিলাসী পদক্ষেপ চুপাৰ ফিফটিৰ তালিকাত স্থান লাভ কৰা বাসুগাঁও চহৰৰ থানাৰোড থুৰিবাৰীৰ মেধাৱী ছাত্ৰী অংকিতা মোদকৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে। উল্লেখ্য যে, এইবেলি চুপাৰ ফিফটি তালিকাত বাসুগাঁও চহৰৰ অংকিতা মোদকৰ উপৰিও চিৰাং জিলাৰ কাজলগাঁও মহকুমাৰ পৰা ইলিতা মুছাহাৰী আৰু বুবলী ব্ৰহ্ম মুঠ তিনিগৰাকী ছাত্ৰীয়ে মেডিকেল কোচিঙৰ বাবে স্থান লাভ কৰিছে ।

বাসুগাও চহৰৰ থানাৰোড থুৰিবাৰীৰ বাসিন্দা তথা বিলাসপুৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল মোদক আৰু জোৎস্না মোদকৰ কণিষ্ঠ কন্যা অংকিতা মোদকে স্থান লাভ কৰাৰ বাবে ৩১ নং চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আজি অংকিতাৰ বাসগৃহত উপস্থিত হৈ এখনি আৰনাই আৰু ফুলৰ থোপাৰে আঁদৰণি জনায় ।

সৰুৰে পৰা অত্যন্ত মেধাৱী ছাত্ৰী অংকিতা মোদকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২.২ শতাংশ নম্বৰ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত ৮১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন দেখা অংকিতাই চুপাৰ ফিফটীৰ দৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰা বাবেই তাইৰ জীৱনত এই সুযোগ লাভ কৰাৰ অৱকাশ পাইছে। যাৰ কাণে তেওঁ বিটিচি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ।

বিটিচি প্ৰশাসনৰ চুপাৰ-৫০ তালিকাত স্থান প্ৰাপ্তক বিধায়ক জয়ন্ত বসুমতাৰীৰ শুভেচ্ছা...
ইঞ্জিনীয়াৰ হ'বলৈ যোৱা কৌশিক ঘূৰি আহিল নিথৰ হৈ, চৌদিশে কান্দোনৰ ৰোল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in