পুনৰ কোকৰাঝাৰত অসমীয়া ভাষাত ক'লা ৰং সানিলে এবছুৱেঃ ইংৰাজীৰ পৰিৱৰ্তে বড়ো ভাষাক অগ্ৰাধিকাৰ দিয়াৰ দাবী...

পুনৰ কোকৰাঝাৰত অসমীয়া ভাষাত ক'ল ৰাং সানিলে এবছুৱেঃ ইংৰাজীৰ পৰিৱৰ্তে বড়ো ভাষাক অগ্ৰাধিকাৰ দিয়াৰ দাবী...
পুনৰ কোকৰাঝাৰত অসমীয়া ভাষাত ক'ল ৰাং সানিলে এবছুৱেঃ ইংৰাজীৰ পৰিৱৰ্তে বড়ো ভাষাক অগ্ৰাধিকাৰ দিয়াৰ দাবী...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ চৰকাৰী - বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান, প্ৰতিষ্ঠান দোকান - পোহাৰৰ নামফলকত বড়ো ভাষাক এলাগী কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ কাৰ্যালয়ৰ লগতে বাট পথত থকা চৰকাৰী - বেচৰকাৰী ফলকত বিশেষকৈ বড়ো ব্যৱহাৰ নকৰি অসমীয়া আৰু ইংৰাজী ভাষাক প্ৰাধান্য দিয়া কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এবছু ৷

যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সংগঠনটোৱে আজি কোকৰাঝাৰ চহৰত বড়ো ভাষাত নিলিখা অথচ অসমীয়া আৰু ইংৰাজী ভাষাত লিখা থকা নাম ফলক সমূহত ক'লা ৰং সানে এবছুৱে। কোকৰাঝাৰ চহৰৰ বিভিন্ন স্থানত আজি কোকৰাঝাৰ জিলা এবছুই অসমীয়া আৰু ইংৰাজী ভাষাত লিখা তথা বড়ো ভাষা ব্যৱহাৰ নকৰা নাম ফলকত এফালৰ ক'লা ৰং সানি মচি দিয়ে ৷

এই সন্দৰ্ভত কোকৰাঝাৰ জিলা এবছুৰ সাধাৰণ সম্পাদক খাম্ফা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে পথ, কাৰ্যালয়সমূহৰ নাম-ফলকৰ লগতে সাংকেতিক চিহ্ন দিছে সেয়া ভাল কথা ৷ কিন্তু বড়ো ভাষাক একাষৰীয়া কৰি একমাত্ৰ ইংৰাজী ভাষাক প্ৰাধান্য কিয় ? প্ৰথমে বড়ো , তাৰপুছত অসমীয়া আৰু শেষত হে ইংৰাজী ভাষা লিখিব লাগিব ৷

অহা ১৫ এপ্ৰিলৰ ভিতৰত বি টি আৰৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু দোকান-পোহাৰৰ লগতে পথসমূহৰ নামফলকত বড়ো ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। অন্যথা বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ছাত্ৰ নেতা গৰাকীয়ে সকীয়াই দিছে ।

পুনৰ কোকৰাঝাৰত অসমীয়া ভাষাত ক'ল ৰাং সানিলে এবছুৱেঃ ইংৰাজীৰ পৰিৱৰ্তে বড়ো ভাষাক অগ্ৰাধিকাৰ দিয়াৰ দাবী...
কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান ভিষ্টা এডুকেয়াৰৰ কেন্দ্ৰ মুকলি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in