কাজলগাঁৱত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

কাজলগাঁৱত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ,চিৰাং : সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইউপিপিএল দলে যিদৰে মাৰাথান নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে তাৰ বিপৰীতে মুখ্য বিৰোধী দল বিপিএফ দলৰ বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাছিল। কিন্তু শনিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত বিপিএফৰ কাজলগাঁও ব্লক নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি বিপিএফ দলেও চিৰাঙত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হয়।

মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়াৰানী ব্ৰহ্ম, কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্মসহ দলৰ বহুসংখ্যক নেতা কৰ্মীৰ উপস্থিতিত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰে বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কাষ্টম বসুমতাৰীয়ে। কাৰ্য্যালয়টো উদ্বোধন কৰি কাষ্টম বসুমতাৰীয়ে কয় যে,বিপিএফৰ নেতৃত্বত এইবেলি প্ৰথমবাৰৰ বাবে বিটিচিবাসীয়ে দুজনকৈ সাংসদ লাভ কৰিব বুলি দাবী কৰে।

কাৰণ বৰ্তমান সময়ত বিপিএফ দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী আৰু দৰং-ওদালগুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ স্থিতি বহুত শক্তিশালী হৈ আছে। দুয়োটা সমষ্টিতে বিপিএফ দলৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে ।

ইপিনে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দলৰ প্ৰাক্তন নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰা সন্দৰ্ভত নেতাজনে কয় যে, বিপিএফ দল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলে। বিগত সময়চোৱাত দলত বহু নেতা আহিছে আৰু গৈছে । তেতিয়াও দলৰ কোনো ক্ষতি হোৱা নাছিল আৰু আগলৈ কোনো ক্ষতি নহয় বুলি কাষ্টম বসুমতাৰীয়ে মন্তব্য কৰে।

কাজলগাঁৱত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ পদ কৰ্তন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in